/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/60bae3dc-03cc-4c79-96c5-c5856c953a8c/wine.jpg)
wine bar
ডিজিটেল সংবাদ ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ২ নং থেকেৰাগুৰি গাঁওত অৱস্থিত এম ডি ৱাইন বাৰত শুক্ৰবাৰে পুৱতি নিশা চোৰৰ চাফাই অভিযান চলে ।
নির্জনতাৰ সুযোগ লৈ পুৱতি নিশা চোৰে ছাতাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি প্ৰথমে চি চি টিভিৰ ডি.ভি.আৰ আৰু কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰি ভিতৰত থকা বৃহৎ পৰিমাণৰ বিদেশী সুৰা উঠাই নিয়াৰ লগতে চি চি টিভিৰ সমস্ত যন্ত্ৰ পাতি লৈ উধাও হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e6cad15f-3ba9-4899-8ffa-f79014e4ef53/wine1.jpg)
আজি পুৱতি নিশা চলোৱা এই চাফাই অভিযানৰ কালত ৱাইন বাৰ খনৰ প্ৰায় ৯৭ হাজাৰ ৬২০ টকা মূল্যৰ বিদেশী সুৰা লুটি নিয়ে । পুৱা পথচাৰীৰ জৰিয়তে জানিব পাৰি স্বত্বাধিকাৰী মঞ্জিল দলেয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ ঢকুৱাখনা সদৰ থানাত অৱগত কৰে ।
সদৰ থানাৰ উপ পৰিদর্শক গৌতম দত্তই ঘটনা স্থলী পৰিদর্শন কৰি তদন্ত আৰম্ভ কৰিছে । এই সন্দৰ্ভত ঢকুৱাখনা থানাত এক গোচৰ ৰুজু কৰিছে স্বত্বাধিকাৰী মঞ্জিল দলেয়ে ।