অসমীয়াত নহ’ল, এপ্ৰিলৰ পৰা হিন্দীত আৰম্ভ হ’ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম…

অসমীয়াত নহ’ল, এপ্ৰিলৰ পৰা হিন্দীত আৰম্ভ হ’ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম…

author-image
asomiyapratidin
New Update
অসমীয়াত নহ’ল, এপ্ৰিলৰ পৰা হিন্দীত আৰম্ভ হ’ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম…

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে অসমীয়া ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল তেতিয়াৰ মন্ত্ৰী তথা এতিয়াৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে সেই ঘোষণা কেৱল ঘোষণাতে আৱদ্ধ হৈ থাকিল। বাস্তৱ ক্ষেত্ৰত ইয়াৰ কাৰ্যকৰী কৰা নহ'ল। অৱশ্যে ইয়াৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত বিতৰ্কৰো সূচনা হৈছিল। কিয়নো অসমীয়া ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে প্ৰয়োজনীয় পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি চিকিৎসা বিজ্ঞানৰ লগত সম্পৰ্কিত শব্দবোৰৰ অসমীয়াকৰণক লৈ যে সমস্যাৰ সৃষ্টি হ'ব সেই কথা নিশ্চিত হৈছিল।

Advertisment

অসমীয়া ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ নহ'লেও অৱশ্যে হিন্দীত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ হ'বলৈ আগবাঢ়িছে। দেশৰ যিসকল শিক্ষাৰ্থীয়ে মেডিকেল অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে হিন্দীত অধ্যয়নৰ সুযোগ লাভ কৰিব। দেশত প্ৰথমবাৰৰ বাবে মেডিকেলৰ শিক্ষাৰ্থীক এই সুযোগ দিবলৈ আগবাঢ়িছে মধ্য প্ৰদেশে।

মধ্য প্ৰদেশত এতিয়াৰ পৰা হিন্দীত এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ হ'ব। মধ্য প্ৰদেশৰ শিক্ষা মন্ত্ৰী বিশ্বাস চাৰাঙে এই বিষয়ে অৱগত কৰিছে। শিক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে যে হিন্দী ভাষাত এম বি বি এছৰ অধ্যয়ন এপ্ৰিল মাহৰ পৰা ভূপালৰ গান্ধী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে হিন্দীত চিকিৎসা আৰু অভিযান্ত্ৰিক অধ্যয়ন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে, মধ্যপ্ৰদেশেই দেশৰ প্ৰথমখন ৰাজ্য হ'ব য'ত চিকিৎসা বিজ্ঞান হিন্দীত অধ্যয়ন কৰা হ'ব। প্ৰথম অৱস্থাত পাইলট প্ৰকল্প হিচাপে হিন্দীত চিকিৎসা বিজ্ঞান অধ্যয়নৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত বৃহৎ পৰিসৰত ৰূপায়ণ কৰা হ'ব। প্ৰথমে ভূপালৰ গান্ধী চিকিৎসা মহাবিদ্যালয়ত হিন্দীত চিকিৎসা অধ্যয়ন আৰম্ভ কৰা হ'ব। শিক্ষাৰ্থীসকলৰ বাবে তিনিটা বিষয় হিন্দীলৈ ৰূপান্তৰিত কৰা হ'ব।

শিক্ষামন্ত্ৰীয়ে গৰাকীয়ে কয় যে, সমল বিকাশ-পাঠ্যক্ৰমৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে এখন উচ্চ-পৰ্যায়ৰ হিন্দী পাঠ্যক্ৰম নিৰ্ধাৰণ সমিতি গঠন কৰা হৈছে। অডিঅ'-ভিজুৱেলৰ জৰিয়তে হিন্দীত অধ্যয়নৰ ব্যৱস্থা কৰা হ'ব। এই পাঠ্যক্ৰম কিতাপৰ লগতে হিন্দীত অডিঅ' আৰু ভিজুৱেলত উপলব্ধ কৰিবলৈ ইউটিউব আৰু পডকাষ্টো মুকলি কৰা হ'ব।


— ANI (@ANI) February 24, 2022