ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত মায়ঙৰ গাগলমাৰীত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। গাগলমাৰী পঞ্চায়তৰ বৰকুৰানীত আছে এই দলং খন। লাহৰীঘাট সমষ্টিৰ পৰা জাগীৰোড সমষ্টিৰ কেইবাখনো গাঁৱৰ মাজেৰে যোৱা এটা অতি ব্যস্ত গড়কাপ্তানী পথৰ মাজত এটা ডোভাৰ ওপৰত নিৰ্মাণ কৰা কাঠৰ এই বিধ্বস্ত দলং খনে বিপদ কঢ়িয়াই আনিছে এতিয়া সৰ্বসাধাৰণ ৰাইজলৈ।
যি কোনো মুহূৰ্তত দলং খনৰ কাঠ খুলি ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। বৃহত্তৰ গাগলমাৰী অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ ব্যস্ত পথ এইটোৱেই।লাহৰীঘাট, ভুৰাগাঁও আদি অঞ্চলৰ পৰা প্ৰতিদিনে এই পথেৰে শ শ সৰু সুৰা যানবাহন আৰু সামগ্ৰী কঢ়িওৱা বাহন চলে এই পথেৰে। দুই তিনি শ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই পথেৰে। বাৰিষাৰ বানে পথটোৰ এই অংশ উটুৱাই নিয়াৰ পিছতেই এটা প্ৰকাণ্ড ডোভাৰ সৃষ্টি হয়।
উল্লেখ্য যে ৰাইজৰ দুখ দুৰ্গতি দেখি ডোভাৰ ওপৰত দুবছৰ পূৰ্বে এইখন কাঠৰ দলং নিৰ্মাণ কৰি দিছিল গড়কাপ্তানী বিভাগে। পিছে এতিয়া কাঠবোৰ জহি খহি ফুটা ওলাইছে। এখন চাইকেল লৈ গ'লেও কপি উঠে দলংখন। কিয়নো দলং খনৰ তলত থকা ডোভাটোত ৬০/৭০ ফুট পানী আৰু মেটেকা আছে। যদিহে কেনেবাকৈ দুৰ্ঘটনা সংঘটিত হয়, এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব।
উল্লেখযোগ্য যে অতি নিম্ন মানদণ্ডৰ কাঠ ব্যৱহাৰ কৰি এজন অসাধু ঠিকাদাৰে নিৰ্মাণ কৰি লুটি নিলে সিংহ ভাগ ধন। বৰ্তমান এক ভয় লগা পৰিৱেশৰ মাজত আছে অঞ্চলবাসী। কিছুদিন আগত প্ৰতিদিন টাইমত এটা বাতৰি সম্প্ৰচাৰ হৈছিল। তাৰ পিছতেই ছয় লাখ টকা মেৰামতিৰ নামত ধৰা বুলি কৈছে যদিও কাম এতিয়া লৈ আৰম্ভ হোৱা নাই।