Advertisment

জ্ঞানপীঠ জাতীয় বিদ্যালয়ত বাৰ্ষিক বৃত্তি প্ৰদান আৰু আলোচনী উন্মোচন...

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত হৰেণ শইকীয়া সোঁৱৰণি মঞ্চত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়ৰ ২৬ গৰাকী ছাত্ৰ ছাত্ৰীক ২০২২-২৩ আৰু ২৩-২৪ বৰ্ষৰ বাৰ্ষিক বৃত্তি প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল  সংবাদ,মায়ং :  মৰিগাঁও জিলাৰ মায়ঙৰ জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ উদ্যোগত আজি বাৰ্ষিক বৃত্তি ও বঁটা বিতৰণী অনুষ্ঠানৰ লগতে "গীত মাতৰ  আবেলি" শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত  হয় ৷ মায়ঙৰ  এখন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত হৰেণ শইকীয়া সোঁৱৰণি মঞ্চত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়ৰ ২৬ গৰাকী ছাত্ৰ ছাত্ৰীক ২০২২-২৩ আৰু ২৩-২৪ বৰ্ষৰ বাৰ্ষিক বৃত্তি প্ৰদান কৰা হয়।বিদ্যালয়ৰ সুনাম  অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক বৃত্তি প্ৰদান কৰে অসম জাতীয় বিদ্যালয়ৰ সমন্বয়ক তথা শিক্ষক অসীমকৃষ্ণ বৰাই।

Advertisment

মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰাই নিজৰ বক্তব্যত ছাত্ৰ-ছাত্ৰী সকলৰ চৰিত্ৰ গঠনত অনুভৱৰে সৈতে গুৰুত্ব প্ৰদান কৰিবলৈ অভিভাৱক সকলৰ প্ৰতি আহ্বান জনায় ৷ তাৰোপৰি উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ অংকুৰ, প্ৰথম, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে লিখি উলিওৱা ছয় খনকৈ হাতে লিখা আলোচনী কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ  দ্বাৰা উন্মোচন কৰা হয়৷

আজিৰ সভা খনত উপস্থিত থাকে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল দাস,মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ নিৰাপদ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক মায়াৰাম শইকীয়া,মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ৰবিন কলিতা,অধ্যাপিকা কবিতা মেধি,মায়ং শাখা সাহিত্য সভাৰ সম্পাদক দিলীপ শইকীয়া,শিক্ষক নকুল শইকীয়া,মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক জগদীশ নাথকে ধৰি কেইবাজনো বিশিষ্ট  ব্যক্তি।

উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হৰেণ শইকীয়াৰ স্মৃতিত “স্মৃতিৰ পাপৰি” শীৰ্ষক এখনি সোঁৱৰণী গ্ৰন্থও উন্মোচন কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে প্ৰৰ্দশন কৰা সাংস্কৃতিক অনুষ্ঠানে দৰ্শকক মুগ্ধ কৰে। বিদ্যালয়ৰ সঞ্চালক উমেশ  শইকীয়া,অধ্যক্ষ কৰবী শইকীয়া প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী সকলে কাৰ্যসূচী সমূহৰ সফল ৰূপায়নত  সহযোগ কৰে।উল্লেখ্য  যে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰতি বছৰে অনুষ্ঠিত পৰীক্ষাত ভাল ফলাফল দেখুৱাই আহিছে।

জ্ঞানপীঠ জাতীয় বিদ্যালয়