২৯ গৰাকী সদস্যক শপত বাক্য পাঠেৰে গঠন হ'ল মায়ং আঞ্চলিক পঞ্চায়ত

সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় দেওশাল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দেৱাশীষ দাস (কাৰ্তিক) আৰু উপ সভানেত্ৰী পদত জয়ী হয় ভোটৰ জৰিয়তে বহা বৰঝাৰী পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰুনু ভৰালী।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মায়ংঃ  মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক পঞ্চায়ত খন আজি গঠন কৰা হয়। সভাত ২৯ গৰাকী আঞ্চলিক সদস্য -সদস্যাক শপত বাক্য পাঠ কৰোৱা হয়। শপত বাক্য পাঠ কৰাই জাগীৰোড সম জিলাৰ আয়ুক্ত হৃদয় কুমাৰ দাসে।

Advertisment

সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় দেওশাল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দেৱাশীষ দাস (কাৰ্তিক) আৰু উপ সভানেত্ৰী পদত জয়ী হয় ভোটৰ জৰিয়তে বহা বৰঝাৰী পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰুনু ভৰালী।

আজিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কৰ্তৃত্বশীল বিষয়া হিচাপে মায়ং উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়া,মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেকা আৰু আন আন বিশিষ্ট ব্যক্তি।মুঠ ২৯ জন আঞ্চলিক সদস্য সদস্যাৰে গঠিত মায়ং আঞ্চলিক পঞ্চায়ত।

মায়ং