চিকিৎসক-নাৰ্চৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যু!

এটি নৱজাতকৰ মৃত্যুক লৈ নিশা মৰিগাঁও জিলাৰ মায়ঙৰ ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত উওপ্ত পৰিস্থিতি। চিকিৎসক নাৰ্চৰ গাফিলতিৰ বাবে এটি নৱজাতকৰ মৃত্যু হয় চিকিৎসালয়ৰ

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল সংবাদ মায়ংঃ এটি নৱজাতকৰ মৃত্যুক লৈ নিশা মৰিগাঁও জিলাৰ মায়ঙৰ ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত উওপ্ত পৰিস্থিতি। চিকিৎসক নাৰ্চৰ গাফিলতিৰ বাবে এটি নৱজাতকৰ মৃত্যু হয় চিকিৎসালয়ৰ লেবৰেটৰী ৰুমত।নিশা সন্তান প্ৰসৱ হোৱাৰ পিছতেই কণ্যা শিশুটিৰ মৃত্যু হয়।ইপিনে কৰ্তব্যৰত নাৰ্চে সন্তান প্ৰসৱৰ নামত পাচ হাজাৰ টকা  দাবী কৰাৰ অভিযোগ।

Advertisment

চিকিৎসক ভাৰত হাজৰিকা আৰু নাৰ্চ  শিৱানী পালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এলিজাৰ পৰিয়ালৰ।
মায়ঙৰ কুৰানীবৰী পঞ্চায়তৰ কুকুৱাৰী গাৱত ঘৰ এলিজা খাতুনৰ । স্বামী কেৰেলাত কাম কৰি থকা হেতুকে কালি দিনৰ দহ বজাত ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে।

লেবৰেটৰী ৰূমত প্ৰসৱ বেদনাত চটফটাই আছিল এলিজাই গোটেই দিনটো।কিন্তু  সময় মতে নাৰ্চ আৰু চিকিৎসকে ব্যৱস্থা নললে। কেৱল অৱহেলাৰ দৃষ্টিৰে দায়িত্ব পালন কৰিলে।বিয়লিৰ ভাগত  গুৱাহাটীলৈ ৰেফাৰ বুলি চিকিৎসকৰ পৰামৰ্শ শ্লিপত লিখে  যদিও পৰিয়ালৰ লোকক অৱগত কৰোৱা নাছিল ।

ইপিনে নাৰ্চ শিৱানী পালে  ধনৰ লোভত ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়তে সন্তান প্ৰসৱ কৰিব পাৰিব বুলি ৰাখি থয়। অৱশেষত নিশা ৮ বজাত সন্তান জন্ম হয় যদিও মৃত। বৰ্তমান প্ৰসুতি মাতৃ গৰাকী চিকিৎসালয়ৰ বিছনাত।  তাকে লৈ পৰিয়ালৰ মাজত তীব্ৰ ক্ষোভ আৰু খং।

জানিব পৰা মতে  নিশাৰ দায়িত্বত থকা চিকিৎসক আৰু অন্য এগৰাকী নাৰ্চ ৰ তত্পৰতাত হে সন্তান টো প্ৰসৱ হয় ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়তে। কিন্তু দিনৰ ভাগত থকা নাৰ্চ আৰু চিকিৎসক দুয়োজনেই চুড়ান্ত গাফিলতি কৰাৰ অভিযোগ।

এফালে পৰিয়ালৰ লোকে তদন্তৰ ৰ দাবী উত্থাপন কৰিছে সমগ্ৰ ঘটনাৰ, আনফালে নাৰ্চ গৰাকীয়ে ধন দাবী কৰা নাই বুলি নিজৰ চাফাই গাইছে। এতিয়া কথা হ'ল,কোন সচা কোন মিছা,সেয়া উপযুক্ত তদন্ত কৰিলেই ওলাই পৰিব।

মায়ং