মায়ঙৰ যুৱ ব্যৱসায়ী মিজানুৰ ৰহমানক এসপ্তাহ পিছত নাটীয়ভাবে উদ্ধাৰ...

মায়ঙৰ যুৱ ব্যৱসায়ী মিজানুৰ ৰহমানক এসপ্তাহ পিছত নাটীয়ভাবে উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
মায়ঙৰ  যুৱ ব্যৱসায়ী মিজানুৰ ৰহমানক এসপ্তাহ পিছত নাটীয়ভাবে উদ্ধাৰ...

ডিজিটেল সংবাদ, মৰিগাঁওঃ অৱশেষত অতি নাটকীয়ভাবে উদ্ধাৰ হল মৰিগাঁও জিলাৰ মায়ঙৰ গাগলমাৰী আশীঘৰৰ যুৱ ব্যৱসায়ি মিজানুৰ ৰহমান।আজি পুৱাৰ ভাগত মায়ঙৰ গোভালীত এখন পথাৰত পানীৰ পৰা উদ্ধাৰ হয় যুৱক জন ।স্থানীয় লোকে একাঠু পানীত অসুস্থ হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।ঘটনাস্থলিত পৰিয়ালৰ লোক আৰু আৰক্ষী গৈ উপস্থিত হৈছে।

Advertisment

উল্লেখযোগ্য যে যোৱা এসপ্তাহ ধৰি যুৱক জন নিৰুদ্দেশ হৈ থকাৰ খৱৰে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি ৰাখিছিল। বালিমুখ নতুন বজাৰৰ কম্পিউটাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বতাধিকাৰ মিজানুৰ ৰহমানৰ। ৰহস্য জনক নিৰুদ্দেশ হয় । চাৰি খনকৈ গাড়ীৰ মালিক মিজানুৰ ৰহমানে প্ৰকৃততে আত্মগোপন কৰি আছিল নে কোনোবাই অপহৰণ কৰি পনবন্দী কৰি ৰাখিছিল ৰহস্য জনক।

পৰিয়ালৰ লোকে জাগীৰোড থানাত দাখিল কৰা এজাহাৰ মতে, ২৫ জুলাইৰ নিশা ৯ মান বজাত মৰিগাঁৱৰ পৰা ঝাৰগাঁও হৈ ঘৰলৈ বুলি এখন অচিনাকী লোকৰ বাহনত আহি থাকোতেই নিখোজ হৈ পৰে। নিশা ঘৰ গৈ পলম হোৱা দেখি পৰিয়ালৰ লোকে পুনৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও মিজানুৰ ৰ সতে সংযোগ স্থাপন কৰাত ব্যৰ্থ হয়।কিন্তু তাৰ কিছু সময়ৰ পিছত মিজানুৰৰ এটা হেণ্ড বেগ আৰু মবাইল ফোন উদ্ধাৰ হয় জাগীৰোড থানাৰ অন্তৰ্গত কদমতলী দলঙৰ কাষত।হুৱাদুৱা লাগে চাৰিওফালে।

তাৰ পিছতেই গোটেই নিশা বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ নাপালে।চিন্তাত ভাৰাক্ৰান্ত হৈ পৰা পৰিয়ালৰ মাজত হাহাকাৰ লাগে।উপায়ন্তৰ হৈ জাগীৰোড আৰু মায়ং থানাতো এজাহাৰ দাখিল কৰে।আৰক্ষীৰ তদন্ত অভিযান চলি থকাৰ মাজতেই নিৰুদ্দেশ হৈ থকাৰ ১৮ ঘন্টা পিছত নাটকীয় ভাবে জাগীৰোড থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপত পানীৰ যুৱলিত উদ্ধাৰ হয় মিজানুৰ ৰহমানে ব্যৱহাৰ কৰা দেৰ লাখ টকীয়া পালচাৰ বাইক খন।

আৰু আজি উদ্ধাৰ হয় জীৱন্তে ।এতিয়া প্ৰশ্ন হয় মিজানুৰ ৰহমানক কোনোবাই অপহৰণ ৰ নাটক ৰচনা কৰিছে নে নিৰুদ্দিষ্ট কম্পিউটাৰ গ্ৰাহক সেৱা কেন্দ্ৰ ৰ স্বতাধিকাৰ জনে নিজেই আত্মগোপনৰ নাটক ৰচিচে,আৰক্ষীৰ তদন্ত ত সকলো কথা পোহৰ লৈ আহিব।

মায়ঙ