ইন্দ্রজাল যাদু মহোৎসৱলৈ দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈ সাজু মায়ংবাসী

১৮ আগষ্টত অনুষ্ঠিত হ'ব মায়ং ইন্দ্রজাল যাদু মহোৎসৱ। অংশগ্ৰহণ কৰিব ১০১ জন পৰম্পৰাগত বেজে।
ইন্দ্রজাল যাদু মহোৎসৱলৈ দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈ সাজু মায়ংবাসী
Published on
Updated on

ডিজিটেল সংবাদ,মায়ং: অহা ১৮ আগষ্টত অনুষ্ঠিত হ'ব লগা মায়ং ইন্দ্ৰজাল মহোৎসৱ ২০২৪ক লৈ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। মায়ঙৰ ৰাইজ দেশ-বিদেশৰ পৰা আহিব লগা পৰ্যটক সকলক আদৰিবলৈ সাজু হৈ পৰিছে। অতিথি আপ্যায়নৰ বাবে ঐতিহাসিক মায়ঙৰ প্ৰতিখন শিক্ষানুষ্ঠান সাজু কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলাৰ বিভিন্ন স্থানত পৃথক পৃথক সভাও অনুষ্ঠিত কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো ইন্দ্ৰজাল মহোৎসৱ সফল কৰি তুলিবলৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

শনিবাৰে এই উপলক্ষে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ প্ৰচেষ্টাত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতাধিক শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা। মহোৎসৱটি সফল কৰি তুলিবলৈ বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক কিদৰে অংশগ্ৰহণ কৰাব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়।শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই আঁত ধৰা আজিৰ সভাখনত উপস্থিত থাকি মায়ং ইন্দ্ৰজাল মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত বক্তব্য আগবঢ়াই মহোৎসৱ উদযাপনৰ কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়া ড০ উৎপল নাথ,অতনু শৰ্মা,ড০ ফনিভূষন নাথ,মিহিৰ হাজৰিকাই।জিলা ভিত্তিত মৰিগাঁও আৰু মায়ং কেন্দ্ৰীক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথাও আজিৰ সভিত অপূৰ্ব ঠাকুৰীয়াই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ পশ্চিম প্রান্তত অৱস্থিত ঐতিহ্যমণ্ডিত মায়ং-পবিতৰা অঞ্চলৰ পৰ্যটন কেন্দ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্রশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ১৮ আগষ্টত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মায়ং ইন্দ্রজাল যাদু মহোৎসৱটি অনুষ্ঠিত হব। ১আগষ্টত এই সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সকলো প্ৰশাসনিক বিষয়া আৰু উদযাপন সমিতি তথা মৰিগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত মহোৎসৱৰ দিন তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকতে মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ১৮আগষ্টৰ পুৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মায়ঙৰ সমৃদ্ধ সাংস্কৃতিক আৰু যাদুবিদ্যাৰ ইতিহাস সামৰি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব। মায়ং ইন্দ্রজাল যাদু মহোৎসৱ হ'ব মৰিগাঁও জিলাৰ এক বিশেষ পর্যটনকেন্দ্রিক উৎসৱ।

প্রস্তুতি বর্ষ হিচাপে এইবাৰ এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ মনস্থ কৰা হৈছে যদিও এই উৎসৱত পৰৱৰ্তী বৰ্ষবোৰত ভাৰতবৰ্ষৰ সকলো যাদুকৰক একত্ৰিত কৰি সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ বাবে পৰিকল্পনা কৰা হৈছে। এই উৎসৱৰ জৰিয়তে মৰিগাঁও জিলাৰ যাদু বিখ্যাত মায়ং আৰু এটা খড়্গযুক্ত গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ লগতে জিলাখনৰ আন আন পর্যটন ক্ষেত্রসমূহক বিশ্ব পৰ্যটনৰ মানচিত্ৰত এক মর্যাদাসম্পন্ন স্থানত অধিষ্ঠিত কৰাই জিলাখনলৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত অধিক হাৰত বোৱাই আনিব পৰা যাব বুলি আশা প্রকাশ কৰা হৈছে।

প্রস্তুতি বৰ্ষৰ অন্যতম কাৰ্যসূচী হিচাপে মায়ঙৰ ভালেসংখ্যক বেজক সন্মুখত লৈ অঞ্চলটোৰ যাদুকৰী সভ্যতা-সংস্কৃতি আৰু ঐতিহাসিক সমলসমূহৰ প্রদর্শনেৰে এক অনন্য আৰু বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হ'ব। যাদুবিদ্যাৰ পৰম্পৰাগত বেজসকলৰ যাদু প্ৰদৰ্শনৰ লগতে যাদু সম্রাট বিক্ৰমৰ যাদুৰ মায়াজাল প্ৰদৰ্শন হ'ব উৎসৱৰ অন্য এক আকর্ষণীয় কাৰ্যসূচী।

উৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা জিলা প্রশাসনে একান্তভাৱে কামনা কৰিছে। যাদুবিদ্যাক কেন্দ্ৰ কৰি মায়ঙত উদযাপন কৰিবলৈ লোৱা ইন্দ্রজাল শীর্ষক এই উৎসৱেই হ'ব সম্ভৱতঃ সমগ্র ভাৰতবৰ্ষ তথা পৃথিৱীৰ ভিতৰতে প্রথম যাদুকেন্দ্রিক পৰ্যটন উৎসৱ। সেয়েহে এই উৎসৱক লৈ আয়োজকসকলৰ লগতে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজৰ মাজতো যথেষ্ট উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

ইন্দ্রজাল যাদু মহোৎসৱলৈ দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈ সাজু মায়ংবাসী
উদ্ধাৰ হ'ল মাজুলীৰ ব্ৰহ্মপুত্ৰ দলংৰ হৰলুকী চিমেণ্ট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in