এছ পি এছ গুৱাহাটী ৰেটিং দবা প্ৰতিযোগিতাত অগ্ৰগতি মায়ংক চক্ৰৱৰ্তীৰ....

এছ পি এছ গুৱাহাটী ইণ্ডিয়া অ’পেন ইণ্টাৰনেশ্যনেল ৰেটিং দবা প্ৰতিযোগিতাত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে আয়োজক গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰ মায়ংক চক্ৰৱৰ্তীয়ে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ এছ পি এছ গুৱাহাটী ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল ৰেটিং দবা প্ৰতিযোগিতাত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে আয়োজক গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰ মায়ংক চক্ৰৱৰ্তীয়ে । চাৰিটা ৰাউণ্ডৰ অন্তত মায়ংকে ৪/৪ ৰ ত্ৰুটিহীন স্কৰ কৰিছে । লগতে ১০ ৰাউণ্ডৰ ছুইছ লীগ ইভেণ্টত আন ১১ জন খেলুৱৈৰ সৈতে অগ্ৰগতি লাভ কৰিছে মায়ংকে ।

Advertisment

উল্লেখ কৰাৰ প্ৰয়োজন যে, তৃতীয় ৰাউণ্ডত এক অভাৱনীয় টুইটৰ সৃষ্টি হয় যেতিয়া মণিপুৰৰ অষ্টম ছিড ৱাই ধনবীৰ সিঙে প্ৰতিদ্বন্দ্বিতামূলক মেচত যুৱক আৰাভ দাসৰ হাতত পৰাজয়ৰ সন্মুখীন হয় । উল্লেখ্যে যে তৃতীয় দিনৰ খেল উদ্ধোধন কৰে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক ইমতিয়াজ আহমেদে বিশিষ্ট দবা সংগঠক নয়ন দত্ত আৰু আৰক্ষী উপ-আয়ুক্ত তথা অসম দবা ক্লাৱৰ কাৰ্যকৰী সভাপতি অমিতাভ বসুমতাৰীৰ উপস্থিতিত ।

উল্লেখযোগ্য যে পঞ্চম ৰাইণ্ডত মায়ংকৰ মুখামুখি হব অসমৰ আন এজন আশাব্যঞ্জক খেলুৱৈ গুৱাহাটীৰ তন্ময় ৰাজবংশীৰ । তেওঁৰ বিৰুদ্ধে মায়ংক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হব বুলি আশা কৰা হৈছে ।

ছয় দিনীয়া এই মেগা ইভেণ্টত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৩৯৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । মুঠ ৫০ লাখ টকাৰ পুৰস্কাৰ পুঁজিৰ কথাই সকলোকে আকৰ্ষণ কৰিছে ।

অসমৰ প্ৰথমজন আন্তৰাষ্ট্ৰীয় মধ্যস্থতাকাৰী বিশ্বজিত ভৰদ্বাজ, মণিমালা সিনহা, এফ আই ডি ই মধ্যস্থতাকাৰী লক্ষ্য জ্যোতি শইকীয়া, এফ এ ৰবিকান্ত তিৱাৰী, এফ এ আচাৰ্য লীলা প্ৰসাদকে ধৰি এটা দলৰ সহযোগত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ।

প্ৰতিযগিতাখনত প্ৰতিভাৰ ৰোমাঞ্চকৰ প্ৰদৰ্শন অব্যাহত আছে । দেশৰ বিভিন্ন প্ৰান্তৰ শীৰ্ষ খেলুৱৈসকলে প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত আধিপত্যৰ বাবে যুঁজ দি আহিছে ।

দবা খেল