/asomiyapratidin/media/media_files/2025/02/26/yNcBF6TImoWxOxWYWBHW.jpg)
ডিজিটেল সংবাদ,মায়ং: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ঙৰ কাছশীলা শিৱথানতো মহা শিৱৰাত্ৰী আজি উলহ মালহৰে উদযাপন কৰা হয়। অতিজৰে পৰা মায়ঙৰ কাছশীলা শিৱ থানত পৰম্পৰাগত ভাবে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত এই পূজাভাগ অনুষ্ঠিত কৰা হৈ আহিছে বুলি জানিবলৈ দিয়ে পূজা পৰিচালনা সমিতিৰ সভাপতি ৰাজেন শইকীয়া আৰু সম্পাদক ছানি প্ৰকাশ নাথে।
মন্দিৰ সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰসন্ন ডেকাই জনোৱা মতে বিগত বছৰ বোৰৰ দৰে এইবাৰো পুৱাৰে পৰাই শিৱথানত ভক্তৰ যথেষ্ট ভিৰ হৈছে। অঞ্চলটোৰ বিভিন্ন গাঁৱৰ পৰা অহা ভক্ত সকলে মনৰ আশা পূৰণৰ অৰ্থে ধূপ, চাকি, শৰাই নৈবেদ্য আগবঢ়াইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us