মায়ং আৰক্ষীৰ জালত কুৰিৰো অধিক গৰুসহ ৪ সৰবৰাহকাৰী

মায়ং আৰক্ষীৰ জালত পৰিছে ২৬ টা চোৰাং গৰুসহ ৪ জন গো সৰবৰাহকাৰী। জানিব পৰা মতে সোমবাৰে নিশা কমাৰপুৰ এলেকাত আৰক্ষীয়ে জব্দ কৰে গৰু কেইটা

author-image
Asomiya Pratidin
New Update
fhvgh

ডিজিটেল সংবাদ মায়ং : মায়ং আৰক্ষীৰ জালত পৰিছে ২৬ টা চোৰাং গৰুসহ ৪ জন গো সৰবৰাহকাৰী। জানিব পৰা মতে সোমবাৰে নিশা কমাৰপুৰ এলেকাত আৰক্ষীয়ে জব্দ কৰে গৰু কেইটা। মায়ঙৰ গাগলমাৰীৰ পৰা মেঘালয়লৈ চোৰাংভাৱে বিক্ৰী কৰিবলৈ নিয়াৰ পথত জব্দ কৰে গৰুকেইটা।

আনহাতে আৰক্ষীয়ে এই অভিযানত এখন বাহনো জব্দ কৰে। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে-  এ এছ -১৫- এ চি ৯২৫৬। 

ইফালে আৰক্ষীৰ জালত পৰা ধৃত সৰবৰাহকাৰীকেইজনৰ নাম হৈছে- ৰাজা দলে , দীপ পাটৰ, আফাজ উদ্দিন আৰু আবুল হুছেইন। ইয়াৰে ৰাজা দলেৰ ঘৰ লখিমপুৰত বুলি জানিবলৈ দিয়ে। বাকী কেইজনৰ ঘৰ জাগীৰোড সমষ্টিত। ইতিমধ্যে আটকাধীন আটাইকেইজনকো আৰক্ষীয়ে জেৰা চলাই আছে।

morigaon police MAYANG