/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-18/nrrs5r4u/e26add05-b063-4bcd-9f01-513b615d8d43.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মায়ং ইন্দ্ৰজাল জাল মহোৎসৱ ২০২৪ আজি দিনজোৰা কাৰ্যসূচীৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয়।দেশৰ ভিতৰত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই যাদু মহোৎসৱৰ আজি পুৱাৰ ভাগতেই সমগ্ৰ মায়ং অঞ্চল উদুলি মুদুলি হৈ পৰে।উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে মায়ঙৰ চৌপাশে।পুৱা পতাকা উত্তোলন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তাৰ পিছতেই বন্তি প্ৰজ্বলন কৰে ।
বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছত ড০ উৎপল নাথৰ ৰচনা আৰু প্ৰতাপ ডেকাই সুৰ কৰা ইন্দ্ৰজাল মহোৎসৱৰ শীৰ্ষ গীতটো পৰিবেশন কৰে পাচ শ যুৱক যুৱতীয়যুএই অনুষ্ঠান ৰ পিছতেই এশ এজন বেজক সম্বৰ্ধনা জনোৱা হয়।তাৰ পিছতেই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ফিটা কাটি উদ্বোধন কৰে মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোৱৰে।জিলা আয়ুক্ত প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।আজিৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত এশ টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।বড়ো,তিৱা,কাৰ্বি, বিহু,জিকিৰ,পঞ্চ গোসাঁই উলিওৱা দৃশ্য,দৰা কইনা,পবিতৰা,আদিম মানৱ,কৃষক, বীৰ লাচিতৰ দৃশ্য ,ঝুমুৰ নৃত্যকে ধৰি অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি সমুহ প্ৰদৰ্শন কৰা হয়, ।
মৰিগাঁও জিলা প্ৰশাসন আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই যাদু মহোৎসৱক লৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত গঠন হোৱা এখন উদযাপন সমিতিয়ে যোৱা এসপ্তাহ ধৰি দিনে নিশাই প্ৰস্তুতি চলাই আজি সফল ৰূপ দিবলৈ চেষ্টা কৰে। জিলা প্ৰশাসনৰ সকলো উচ্চ পদস্থ বিষয়া সকলক লগত লৈ মহোৎসৱ সফল কৰিবলৈ উঠি পৰি লাগে।।উল্লেখযোগ্য যে তন্ত্ৰ মন্ত্ৰ, যাদুবিদ্যা কেন্দ্ৰীক ঐন্দ্ৰজালিক কাৰুকাৰ্যৰ প্ৰতি কৌতূহল প্ৰিয় মানুহৰ আকৰ্ষণ সহজাত। বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা প্ৰভাৱিত আজিৰ আধুনিক সভ্যতাৰ যুগতো এই অলৌকিক কৰ্মকাণ্ডৰ প্ৰতি মানুহৰ জিজ্ঞাসা মুঠেই কমা নাই। তন্ত্ৰ মন্ত্ৰ, যাদুবিদ্যাৰ বাবে সুখ্যাত মায়ং হৈছে এই কৃষ্টিৰ পীঠস্থান।
এই বিদ্যাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য উদ্দেশ্য সৰোগত কৰি মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ প্ৰচেষ্টাত কাইলৈ ১৮ আয়োজিত হব মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ। মৰিগাঁও জিলা প্ৰশাসনৰ একনিষ্ঠ উদ্যোগৰ প্ৰতি সহাৰি জনাই মহোৎসৱ সফল কৰিবলৈ প্ৰাণপনে চেষ্টা কৰিছে বৃহত্তৰ মায়ং বাসীয়ে। আশা কৰা হৈছে পৌৰাণিক কলা যাদুবিদ্যাৰ এই মহোৎসৱৰ দ্বাৰা ইয়াৰ বিশেষত্ব উন্মচিত হব বিশ্ববাসীৰ সন্মুখত। এই মহোৎসৱত শতাধিক যাদুসাধকে অংশগ্ৰহণ কৰিব, যাদু প্ৰদৰ্শন হব আৰু বেজসকলৰ মন্ত্ৰ ধ্বনিয়ে মায়ং অঞ্চল মুখৰিত কৰিব।
এশিঙীয়া গঁড়ৰ বাবে জগত বিখ্যাত মায়ং স্থিত পবিতৰা অভয়াৰণ্যলৈ আকৰ্ষিত কৰি আহিছে পৰ্যটকক। যাদু মহোৎসৱৰ সফল আয়োজনে পৰ্যটক আগমনৰ পৰিধি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ঘোষিত কাৰ্যসূচী মতে কাইলৈ পূৱা ৮.৩০ বজাত মহোৎসৱৰ পতাকা উত্তোলন,৯ বজাত বন্তি প্ৰজ্বলন,৯.৩০ বজাত মায়ঙৰ যাদু শীৰ্ষক প্ৰদৰ্শনী ,১০ বজাত মায়ঙৰ বৰ্ণময় সংস্কৃতিক সমল সমৃদ্ধ শোভাযাত্ৰা,১১ বজাত মায়াময় মায়ং শীৰ্ষক যাদু পৰম্পৰা সমৃদ্ধ প্ৰদৰ্শনী, সন্ধিয়া ৬ বজাত যাদু প্ৰদৰ্শনী উদ্বোধনী অনুষ্ঠান হব। উদ্বোধনী অনুষ্ঠানত যোগদান কৰিব মন্ত্ৰীদ্বয় কেশৱ মহন্ত,পীয়ূষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱৰে।
৬.৩০ বজাৰ পৰা মায়ঙৰ যাদুকৰ সকলে যাদুবিদ্যা প্ৰদৰ্শন কৰিব। নিশা ৯ বজাত যাদু বিদ্যা প্ৰদৰ্শন কৰিব যাদু সম্ৰাট বিক্ৰমে। ১০ বজাত অনুষ্ঠানৰ সামৰণি পৰিব। যাদু মহোৎসৱ সফল কৰি তোলাৰ বাবে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰি থকা হৈছে মণ্ডপ। ইফালে বৃহত্তৰ মায়ং আঞ্চলত কেইবাখনো তোৰণ নিৰ্মাণ কৰা হৈছে।এইদৰেই আজি যাদুৰ দেশ হিচাপে জনাজাত মায়ঙৰ বুকুত উদযাপন কৰা হয় ইন্দ্ৰজাল যাদু মহোৎসৱ 2024।আগন্তুক বৰ্ষ ৰ পৰা সপ্তাহ জোৰা কাৰ্যসূচীৰে উদযাপন কৰাশহব বুলি জানিব লৈ দিয়ে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
Also Read: অসমীয়া লোক জীৱন আৰু ভাদ মাহ...