/asomiyapratidin/media/media_files/2025/02/28/gLfHr9nbP6nhUVJAbplN.jpg)
মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ 'মহাবিদ্যালয় সপ্তাহ'ৰ সামৰণী
ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত এসপ্তাহ ধৰি অনুষ্ঠিত হৈ থকা মহাবিদ্যালয় সপ্তাহৰ সামৰণী অনুষ্ঠান শুকুৰবাৰে মহাবিদ্যালয়খনৰ সভাগৃহত অনুষ্ঠিত কৰা হয়। সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় কৰ্তৃপক্ষই আজি আন কেবাটাও কাৰ্যসূচীও ৰূপায়ন কৰে।
অসম চৰকাৰৰ অনুসূচীত জাতি উন্নয়ন সঞ্চালকৰ কাৰ্যালয়ৰ পৰা আবণ্টিত কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছাত্ৰী নিৱাসটি শুভ উদ্বোধন কৰাৰ লগতে ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ'ব লগা দুটা শ্ৰেণীকোঠাৰ আন এটা গৃহৰো আধাৰশিলা স্থাপন কৰা হয়। মহাবিদ্যালয়খনৰ খেলপথাৰৰ পূব দিশত নিৰ্মাণ কৰা ছাত্ৰী নিৱাসটো শুভ উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।
দুয়োটা কাৰ্যসূচীতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী আইমি বৰুৱা, সমজিলা আয়ুক্ত বিমান দাসৰ লগতে অঞ্চলটোৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তি । মহাবিদ্যালয় সপ্তাহ উপলক্ষে পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ ৰঞ্জিত কলিতাই।
/asomiyapratidin/media/media_files/2025/02/28/DKyXTVF56mzQ7QdFz2kB.jpg)
শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ গুণেশ্বৰ ডেকাই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভা আৰু বটা বিতৰণী অনুষ্ঠান।
সাংস্কৃতিক তত্বাৱধায়ক তথা অধ্যাপক ড০ উৎপল নাথ আৰু ক্ৰীড়া বিভাগৰ তত্বাৱধায়ক তথা অধ্যাপক ড০ ৰঞ্জন তিমচিনাই আঁত ধৰা মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত মহাবিদ্যালয় সপ্তাহত অনুষ্ঠিত ক্ৰীড়া,সাহিত্য,সাংস্কৃতিক আদি কৰি ২৮ টা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক একোটাকৈ মেডেল,মানপত্ৰৰ লগতে ট্ৰফী বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা প্ৰদান কৰা হয়।
সমাজকৰ্মী তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক প্ৰফুল্ল ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা,অভিনেত্ৰী আইমি বৰুৱা, জাগীৰোড সম জিলা আয়ুক্ত বিমান দাস, পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই । আদৰণী ভাষণ দিয়ে অধ্যক্ষ ড০ ৰঞ্জিত কলিতাই।
/asomiyapratidin/media/media_files/2025/02/28/mN4hY44wsNA7ETx3yk3i.jpg)
অধ্যাপক সমীৰ কুমাৰ নাথৰ তত্বাৱধানত আৰু ভূমিকা ডেকাৰ সম্পাদনাত প্ৰকাশিত মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী "প্ৰগতি" উন্মোচন কৰে ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত বন বিষয়া মুকুল তামুলী, সমাজ কৰ্মী অপূৰ্ব ডেকা,অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল দাস প্ৰমুখ্য আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
শলাগৰ শৰাই অনুষ্ঠানটোৰ আঁত ধৰে অধ্যাপক ৰবীন কলিতাই। সাংস্কৃতিক তত্বাৱধায়ক তথা অধ্যাপক ড০ উৎপল নাথে আঁত ধৰা বিয়লিৰ ভাগত অনুষ্ঠিত সংগীতানুষ্ঠানত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰে।