/asomiyapratidin/media/media_files/2025/01/31/SEL7LCY7d95z9ZKYlKTj.jpg)
কামপুৰত মে-ডাম-মেফী উদযাপন
ডিজিটেল সংবাদ, কামপুৰ : নগাঁও জিলা আহোম সভাৰ উদ্যোগত কামপুৰ আঞ্চলিক আহোম সভা আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত কৰা মে-ডাম মেফী উৎসৱটিৰ শুকুৰবাৰে সফলভাৱে সামৰণি পৰে । তদুপলক্ষে কামপুৰ আহোম গাঁৱৰ মহাবীৰ লাচিত বৰফুকন ক্ষেত্রত বৃহস্পতিবাৰে চাফাই অভিযান, গছপুলি ৰোপণ আৰু শিশুসকলৰ প্রতিভা সন্ধানী প্রতিযোগিতা অনুষ্ঠিত কৰা হয়।
ইয়াৰ পিছতে বিয়লি প্রতিনিধি পঞ্জীয়ন, প্রতিনিধি সভা আৰু সন্ধিয়া ফুৰা-লুং পূজা অনুষ্ঠিত কৰা হয় । আজি দ্বিতীয় তথা অন্তিম দিনা পুৱা বন্তি প্রজ্বলন, খ্রীংফা উত্তোলণ, স্মৃতিচাৰণ, মাল্যার্পণ, মৈদাম তৰ্পণৰ অন্তত সমূহীয়া পূজা আৰু প্রার্থনা কৰা হয় ।
/asomiyapratidin/media/media_files/2025/01/31/AfNDfb6TWCAJKkeYfJhV.jpg)
তাৰ পাছতে টাই আহোমসকলৰ লগতে সকলো জনগোষ্ঠীয় লোক একত্রিত হৈ অঞ্চলটোত এক বর্ণিল শোভাযাত্ৰা উলিয়ায় । দুপৰীয়া নগাঁও জিলা আহোম সভাৰ সভাপতি ড° দীনেশ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ঠগীত চন্দ্র বৰাই ।
উক্ত মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাই মে-ডাম-মেফীৰ তাৎপর্য আৰু ইতিহাস সমৃদ্ধ ভাষণ প্রদান কৰে । অনুষ্ঠানত উৎসৱৰ লগত সংগতি ৰাখি প্রকাশ কৰি উলিওৱা মুখপত্র "হেংদাং" উন্মোচন কৰে ৰাজদীপ বাইলুং বৰুৱাই ।
মুকলি সভাত ৰাজ্যৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক তথা নগাঁও জিলা আহোম সভাৰ বহুকেইজন বিষয়-ববীয়াই অংশগ্রহণ কৰে । বিয়লি খ্রীংফা অৱতৰণ আৰু বন্তি প্রজ্বলনৰ পাছতে সন্ধিয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে উৎসৱটিৰ সামৰণি মৰা হয় ।