পেলনীয়া মাছৰ কাৰ্টুনেৰে এক লাখ জাপি আৰু শৰাই নিৰ্মাণেৰে অভিলেখ সৃষ্টিকাৰী মৌচুম সোণোৱাললৈ ডক্টৰেট...

পেলনীয়া মাছৰ কাৰ্টুনেৰে এক লাখ জাপি আৰু শৰাই নিৰ্মাণেৰে অভিলেখ সৃষ্টিকাৰী মৌচুম সোণোৱাললৈ ডক্টৰেট...
Published on
Updated on

ডিজিটেল সংবাদ, বৰবৰুৱাঃ অসমীয়া জাতিৰ স্বভিমান শৰাই আৰু জাপি নিৰ্মাণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু আসাম বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰা ডিব্ৰুগড় জকাই অঞ্চলৰ এগৰাকী আগশাৰীৰ চিত্ৰ শিল্পী মৌচুম সোণোৱাললৈ প্ৰদান কৰা হৈছে সন্মানীয় ডক্টৰেট।

উল্লেখ্য যে পেলনীয়া কাৰ্টুনেৰে ১ লাখ জাপি আৰু শৰাই নিৰ্মাণ কৰিছিল। যি খবৰে ৰাষ্ট্ৰীয় পৰ্যায়টো চৰ্চা লাভ কৰিছিল। ভাৰতৰ ৱেল এডুকেশ্বন এণ্ড পিচ কাউন্সিল নামৰ এক সংস্থাই দিল্লীৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত দিল্লীত এই সন্মান প্ৰদান কৰে চিত্ৰশিল্পী গৰাকীক।

চিত্ৰশিল্পী গৰাকী ডিব্ৰুগড়ত উপস্থিত হোৱাৰ লগে লগে দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায়। বৰবৰুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শতাধিক লোকে ৰেলি কৰি স্বগৃহলৈ আনে চিত্ৰশিল্পী গৰাকীক।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in