প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মৰিচাছৰ সৰ্বোচ্চ সন্মান...

 এই সন্মানীয় বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় নৰেন্দ্ৰ মোডী। ভাৰত আৰু মৰিচাছৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানক এই বঁটাৰে স্বীকৃতি দিয়া হৈছে। 

author-image
Asomiya Pratidin
New Update
vvbv

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মৰিচাছৰ সৰ্বোচ্চ সন্মান ‘দ্য গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন’ সন্মান প্ৰদানৰ ঘোষণা মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ।

 এই সন্মানীয় বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় নৰেন্দ্ৰ মোডী। ভাৰত আৰু মৰিচাছৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানক এই বঁটাৰে স্বীকৃতি দিয়া হৈছে। 

অন্য এখন ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা এয়া ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বঁটা। নবীনচন্দ্ৰ ৰামগুলামে কয় যে, নৰেন্দ্ৰ মোডীয়ে এই বিশেষ সন্মান লাভ কৰা পঞ্চমজন বিদেশী নাগৰিক।

২০২৪ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কুৱেইটৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ মুবাৰক আল-কবীৰ সন্মানেৰে সন্মানিত কৰা হয়। উল্লেখ্য যে, মৰিচাছৰ বঁটাক সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এই বঁটা ভাৰতবাসী আৰু দুয়োখন দেশৰ মাজত থকা দৃঢ় বন্ধুত্বৰ প্ৰতি উৎসৰ্গা কৰে।

নৰেন্দ্ৰ মোডী