/asomiyapratidin/media/media_files/2025/01/28/kF1m0J0IyQ1fgiCtFU2V.jpg)
29th jan Photograph: (29th jan)
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত ভক্তৰ বিপুল ভিৰ। বিশেষকৈ পবিত্ৰ স্নানৰ বাবে বিশেষ উৎসাহ দেখা গৈছে। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মেগা ইভেণ্টত কোটি কোটি ভক্তই পুণ্যস্নান লৈছে।
২৯ জানুৱাৰী অৰ্থাৎ মৌনি অমাৱস্যাৰ দিনটোত প্ৰায় ১০ কোটি তীৰ্থযাত্ৰীয়ে মহাকুম্ভৰ সংগমথলীত পুণ্যস্নান ল'ব বুলি অনুমান কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰেলৱেই তেওঁলোকৰ যাত্ৰাৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে, যাৰ অধীনত প্ৰয়াগৰাজৰ ষ্টেচনৰ পৰা প্ৰতি ৪ মিনিটৰ মূৰে মূৰে বিশেষ ৰে’ল চলাচল কৰিব।
মৌনি অমাৱস্যাৰ দিনা বুধবাৰে আহিবলগীয়া বৃহৎ সংখ্যক যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়াগৰাজ ষ্টেচনৰ পৰা প্ৰতি চাৰি মিনিটৰ মূৰে মূৰে বিশেষ ৰে’ল চলাবলৈ সাজু হৈছে ভাৰতীয় ৰে’লৱে।
মৌনি অমাৱস্যা অন্যতম প্ৰধান কাম হৈছে পুণ্যস্নান লোৱা আৰু ইয়াৰ বাবে প্ৰস্তুতি চলাবলৈ ৰে’ল মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে, এদিনতে কমেও ১৫০খন বিশেষ ৰে’ল চলাবলৈ সাজু হৈছে ভাৰতীয় ৰে’লৱে। ইয়াৰ পূৰ্বে ২০১৯ চনত অনুষ্ঠিত অৰ্ধ কুম্ভৰ সময়ত মৌনি অমাৱস্যাত ৮৫ খন ৰেল চলাচল হৈছিল, যাৰ তুলনাত এই সংখ্যা প্ৰায় দুগুণ।