'জীৱনত আগবাঢ়ি যাবলৈ সাহস, সপোন আৰু সততা লাগিব'- ছাত্ৰ-ছাত্ৰীক জীৱন গঢ়াৰ পাঠ দিলে ময়ূৰ বৰাই...

নগাঁৱৰ মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয়ৰ নবাগত আদৰণি সভা...
MAYUR BORA
MAYUR BORA

ডিজিটেল সংবাদ নগাঁও : 'আজিকালি ছাত্র-ছাত্রীসকলে ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ পৰে। অৱশ্যে ছ'চিয়েল মিডিয়া ভাল অৰ্থৰ বাবেহে ব্যৱহাৰ কৰিব লাগে। ভালকৈ ব্যৱহাৰ কৰিলে বহু নজনা কথা, নজনা তথ্য জানিব পাৰি।' - এই মন্তব্য বিশিষ্ট লেখক, সমালোচক ময়ূৰ বৰাৰ। শুকুৰবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয়ৰ নবাগত আদৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই বক্তব্য প্ৰদান কৰে ময়ূৰ বৰাই।

বৰাই লগতে আৰু কয় - জীৱনত আগবাঢ়ি যাবলৈ সাহস, সপোন আৰু সততা লাগিব । পঢ়াৰ লগতে সমাজৰ কথা ভাৱিব লাগিব। নিজৰ জন্মভূমিৰ কথা ভাবিব লাগিব । কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ কাবুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে যুৱ লেখক গৌৰাংগ বৰাৰ ৰচনাৰে এটি সমবেত সংগীত পৰিবেশন কৰে ছাত্র-ছাত্রীসকলে।

ইফালে বিশিষ্ট অতিথিৰ আসন গ্রহণ কৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ ৰাতুল ডেকাই নিজৰ বক্তব্য প্ৰদান কৰি কয় - জীৱনত সময়ৰ গুৰুত্ব অধিক। সময়তকৈ আন কাকো ছাত্র অৱস্থাত গুৰুত্ব দিয়া উচিত নহয়। জীৱনত আগবাঢ়ি যাবলৈ কষ্ট কৰিবই লাগিব।

উল্লেখ্য যে, উক্ত অনুষ্ঠানতে ড০ বৰ্ণালী ডেকাৰ “প্ৰসংগ : প্ৰণয়লমূলক লোকগীত“ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ড০ ৰাতুল ডেকাই । মহাবিদ্যালয়ৰ প্ৰবক্তা মনজিৎ বৰাই আঁত ধৰা সভাৰ অনুষ্ঠানৰ পিছতেই ছাত্র-ছাত্রীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। য'ত ছাত্র-ছাত্রীসকলে গীত নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলে সাংস্কৃতিক অনুষ্ঠানটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in