মাটকা চাহ! এদিন আছিল পৰম্পৰা, এতিয়া কোটি কোটি টকাৰ ব্যৱসায়...

মাটকা চাহ! এদিন আছিল পৰম্পৰা, এতিয়া কোটি কোটি টকাৰ ব্যৱসায়...
Published on
Updated on

মাটকা চাহ (matka chai)। শেহতীয়াকৈ সৰ্বাধিক চাহিদা বৃদ্ধি পোৱা এটি ব্যৱসায়। আপুনি জানি আচৰিত হব এটা মাহত কেৱল গুৱাহাটীতেই ২০লাখৰো অধিক টকাৰ মাটকা চাহ বিক্ৰী হয়। সবিশেষ লৈ আজিৰ এই বিশেষ প্ৰতিবেদন...

মাটকা চাহ অথাৎ মাটিৰ পাত্ৰত দিয়া চাহ। বৰ্তমান অসমৰ মূল মূল চহৰবোৰত সৰ্বাধিক চাহিদা থকা চাহ বিধেই হৈছে মাটকা চাহ। অসমত বিশেষকৈ যোৱা ৫বছৰৰ মানৰ পৰা অতিপাত চাহিদা বাঢ়িছে মাটকা চাহৰ। বৰ্তমান গুৱাহাটীকে ধৰি ভিন্ন চহৰত আপুনি দেখিবলৈ পাব এনে মাটকা চাহৰ অনেক বিপনী।

সমগ্ৰ ভাৰতবৰ্ষত এই চাহৰ বজাৰ যোৱা দুটা দশকত প্ৰায় ১০গুণ বৃদ্ধি পাইছে। পূৰ্বতে পশ্চিম বংগৰ কলকাতা চহৰ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আদি ৰাজ্যবোৰত এই মাটকা চাহৰ প্ৰচলন অতিপাত হৈছিল। কিন্তু বৰ্তমান  সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যতে টেণ্ডত থকা চাহ বিধেই হৈছে মাটকা চাহ।

এক তথ্য অনুসৰি, যোৱা ২বছৰত সমগ্ৰ ভাৰতত বিক্ৰী হৈছে প্ৰায় ৮৬কোটি টকাৰ মাটকা চাহ। অৰ্থাৎ ভাৰতৰ মানুহে যোৱা দুবছৰত ৭৮কোটি টকাৰ মাটকা চাহ খাইছে। এয়া কম সংখ্যা নহয়। পূৰ্বতে যদিও আমাৰ দেশত এনে মাটিৰ পাত্ৰতে চাহ খাইছিল, কিন্তু প্লাষ্টিকৰ অগ্ৰাসনত লাহে লাহে কৰবাত হেৰাই গৈছিল এই মাটিৰ কাপসমূহ। কিন্তু শেহতীয়াকৈ মাটকা চাহ হিচাপে অতি শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰিছে মাটিৰ কাপৰ সেই মিঠা, সোৱাদ চাহ কাপে।

মাটকা চাহৰ যিমান সোৱাদ, তাৰ ইতিহাসো সিমানেই মিঠা। মাটকা চাহৰ জন্মদাতা বুলি কোনোবা এখন ঠাইক যদি অভিহিত কৰিব লগা হয়, তেন্তে নিশ্চিতভাৱে ঠাইটুকুৰা হ’ব কলকাতা। আজিৰ পৰা কেইবাদশকৰ পূৰ্বৰে পৰাই কলকাতাৰ ৰাজপথৰ কাষে কাষে পোৱা চাহ দোকানবোৰত উপলদ্ধ আছিল এই মাটকা চাহ। যিকাপ চাহৰ অন্য নাম আছিল- ভাৰ। এতিয়াও কলকাতাত আপুনি ভাৰ বুলি কলেহে আপোনাক হাতত তুলি দিয়া হব একাপ মাটকা চাহ।

কলকাতাত মাটকা চাহ ফেশ্বন নাছিল, এয়া আছিল এক পৰম্পৰা। চাহক দৈৱিক খাদ্যৰ দৰে জ্ঞান কৰিছিল কলকাতাবাসীয়ে। তেওঁলোকৰ বিশ্বাস আছিল যে- একাপ চাহ আমি যেতিয়া খাও, সেই চাহ কাপ শেষ হোৱা মানেই সকলো শেষ হোৱা। অৰ্থাৎ চাহ শেষ হোৱাৰ পাছতে কাপটো ভাঙি পেলোৱাতো তেওঁলোকৰ এক পৰম্পৰা।

তেওঁলোকে চাহ খাবলৈ যি সৰু সৰু কাপ অৰ্থাৎ আজিৰ মাটকা কাপ হিচাপে জনাজাত কাপবোৰ গংগা নদীৰ তলিৰ পৰা মাটি খান্দি আনি নিৰ্মাণ কৰিছিল। সম্পূৰ্ণ বিধিগত কিছু নিয়মেৰে এই কাপবোৰ প্ৰস্তুত কৰিছিল তেওঁলোকে। কাপবোৰ প্ৰস্তুত কৰি ৰদত শুকুৱাইছিল সেই সময়ত। আজিও সেই পৰম্পৰা অটুট ৰাখি আহিছে কলকাতাৰ একাংশ মৃৎ শিল্পীয়ে।

এয়া আছিল পুৰণি কিছু পৰম্পৰাৰ কথা। কিন্তু লাহে লাহে এতিয়া বজাৰ বৃদ্ধি পাইছে মাটকা কাপৰ। চাহিদা পূৰাবলৈ পুৰণিকলীয়া এই নীতি-নিয়মবোৰে কাপ প্ৰস্তুত কৰিলে নহয়, সেয়েহে এতিয়া কলকাতাত উন্নত প্ৰযুক্তিৰে নিৰ্মাণ হয় মাটকা কাপ। কলকাতাৰ পৰাই দেশৰ ভিন্ন প্ৰান্তলৈ মাহে ২০-২৫কোটি টকাৰ মাটকা কাপ ৰপ্তানি হয়।

আমাৰ অসমতো এতিয়া মাটকা কাপৰ চাহিদা বহুত। গুৱাহাটীৰ অলিয়ে-গলিৰ পৰা আদি কৰি পঞ্চতাৰকা হোটেলৰ লৈকে এতিয়া সকলোতে উপলদ্ধ মাটকা চাহ। গুৱাহাটীৰ ভিন্ন প্ৰান্তত এই মাটকা কাপবোৰ পাইকাৰী মূল্যত বিক্ৰী কৰা হয়। গুৱাহাটীত মাটকা কাপ উপলদ্ধ হোৱা প্ৰধান স্থান হৈছে মালিগাওঁ।

কামাখ্যা মন্দিৰৰ মূল দ্বাৰৰ পৰা ভূটনাথৰ লৈকে প্ৰায় ১২খন দোকানত উপলদ্ধ এই কাপবোৰ। এই দোকানবোৰৰ পৰাই সমগ্ৰ অসম তথা গুৱাহাটীলৈ নিয়া হয় মাটকা কাপ। কিন্তু এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ দিনত অসমৰ কেইবাটাও প্ৰতিষ্ঠানে অনলাইনযোগে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই মাটকা কাপৰ যোগান ধৰে।

অসমীয়া প্ৰতিদিনে গুৱাহাটীৰ মাটকা কাপৰ বজাৰখনৰ বিষয়ে কিছু জনাৰ ইচ্ছাৰে মালিগাঁৱৰ এই দোকানবোৰত বিক্ৰীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। থুলমুলকৈ তেওঁলোকে জনাইছিল যে, এটা মাহত সমগ্ৰ গুৱাহাটীত ১০লাখৰো অধিক মাটকা কাপ আৰু সমগ্ৰ অসমক ধৰিলে মাহটোত ৪০লাখৰো অধিক মাটকাৰ প্ৰয়োজন হয়।

অসমলৈ বিশেষকৈ কলকাতাৰ পৰাই আহে এই মাটকা কাপ। অসমৰ বজাৰত ৬০মিঃলিঃ মাটকা কাপটোৰ মূল্য ২.৫০টকা আৰু ১০০ মিঃলিঃ মাটকা কাপটোৰ মূল্য ডিজাইন অনুসৰি ২.৮০টকাৰ পৰা ৪.২০টকালৈকে আছে বুলি আমাক জনালে।

তেওঁলোকৰ থুলমুল হিচাপ পৰা জনা গ’ল যে, প্ৰতিটো মাহত গুৱাহাটীত প্ৰায় ৮ৰ পৰা ১০লাখ টকাৰ  মাটকা কাপ বিক্ৰী হয়। যদিহে প্ৰতি কাপ মাটকা চাহৰ মূল্য ২০টকাকৈ ধৰো তেন্তে ১০লাখ মাটকা চাহৰ মূল্য হব ২০লাখ টকা। অৰ্থাত গুৱাহাটীত এটা দিনত প্ৰায় ৬৬হাজাৰ টকাৰ মাটকা চাহৰ বিক্ৰী হয়। তেন্তে ভাৱি চাওক গুৱাহাটীতেই এই মাটকা চাহৰ কিমান এখন ডাঙৰ বজাৰ গঢ় লৈ উঠিছে।

মাটিৰ কাপৰ চাহিদা বৃদ্ধি হোৱাৰ অইন বহু কাৰন আছে। কেৱল দেখিবলৈ ভাল লগা নাইবা সোৱাদৰ বাবেই ইয়াৰ চাহিদা বৃদ্ধি হৈছে বুলি কলে ভুল হব। মাটিৰ পাত্ৰত গৰম চাহ খালে ইয়াৰ পুষ্টিৰ মান বেছি হয়। মাটিত থকা খনিজ পদাৰ্থ, ফছফৰাছ, লো, কেলচিয়াম, মেগনেছিয়াম আজি শৰীৰৰ বাবে অতিকৈ উপকাৰী।

গাখীৰ চাহ খালে বহুতৰে এচিডিটিৰ সমস্যা হয়। বহুতৰ বুকু জ্বলাপূৰা কৰে, কিন্তু মাটিৰ পাত্ৰত চাহ খালে এনে সমস্যাই দেখা নিদিয়ে। ইয়াৰ মূল কাৰন হৈছে মাটিয়ে চাহৰ অম্লতা হ্ৰাস কৰে। এই কাৰনেই, হজম সমস্যাত থকা বহু লোকক ডাক্তৰে মাটিৰ পাত্ৰত পানী খাবলৈ উপদেশ দিয়ে।

এনে অনেক কাৰনৰ বাবে মাটিৰ কাপৰ চাহিদা হয়তো বৃদ্ধি পাইছে। কাৰন যিয়েই নহলেও, মাটকা কাপৰ বজাৰখন আগন্তুক ৫বছৰত বাৰ্ষিক ১০০কোটিলৈ যে ৰূপান্তৰিত হব সেয়া নিশ্চিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in