প্ৰাপ্যৰ দাবীত মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

মথুৰাপুৰ চাহ মজদুৰ ইউনিয়নৰ সহযোগত বাগিচাখনৰ শ্ৰমিক সকলে বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সমস্যা সমূহ শীঘ্ৰে সমাধানৰ দাবী জনাই এক ঘন্টীয়া কাৰ্যসূচী ৰূপায়ণ কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমূহ শীঘ্ৰে সমাধান কৰাৰ দাবীৰে আজি পুৱা মথুৰাপুৰ চাহ বাগিচাত শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ উদ্যোগত আৰু মথুৰাপুৰ চাহ মজদুৰ ইউনিয়নৰ সহযোগত বাগিচাখনৰ শ্ৰমিক সকলে বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সমস্যা সমূহ শীঘ্ৰে সমাধানৰ দাবী জনাই এক ঘন্টীয়া কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Advertisment

উল্লেখ্য যে, চাহ শ্ৰমিকৰ ঠিকা পাত তোলাৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, শ্ৰমিকৰ দেনা-পাওনা গ্ৰেচুইটি মোকলাই দিয়াৰ ব্যৱস্থা কৰা, বাগিচাৰ শ্ৰমিক সকলে বসবাস কৰা মাটিৰ বিপৰীতে পট্টা দিয়াৰ ব্যৱস্থা কৰা, বাগিচা অঞ্চলত থকা প্ৰাথমিক বিদ্যালয়ত দুগৰাকীকৈ শিক্ষক দিয়াৰ ব্যৱস্থা কৰা আৰু বাগিচাত উপ-কৰ্মচাৰী হিচাপে কাম কৰা লোকসকলৰ মাহেকীয়া দৰমহা বৃদ্ধি কৰা আদি দাবী শীঘ্ৰে ৰূপায়ণ কৰিবলৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

সোণাৰি