মথুৰাপুৰ ছ’চিয়েল ৱেলফাৰৰ ব্যতিক্ৰমী পদক্ষেপ

চৰাইদেউ জিলাৰ ‘ছ'চিয়েল বেলফেয়াৰ গ্রুপ, মথুৰাপুৰ’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে পৰীক্ষার্থীসকলক মনোবল বৃদ্ধি কৰা আৰু শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে এক ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰে

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰ চ’ছিয়েল ৱেলফাৰৰ ব্যতিক্ৰমী পদক্ষেপ

মথুৰাপুৰ চ’ছিয়েল ৱেলফাৰৰ ব্যতিক্ৰমী পদক্ষেপ

ডিজিটেল সংবাদ, মথুৰাপুৰ : শনিবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা ৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰীক্ষা কেন্দ্ৰৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন স্থানৰ পৰীক্ষা কেন্দ্রসমূহত পৰীক্ষার্থীসকলক অভিভাৱক আৰু শুভাকাংক্ষীয়ে শুভেচ্ছা জ্ঞাপন কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। 

মথুৰাপুৰ চ’ছিয়েল ৱেলফাৰৰ ব্যতিক্ৰমী পদক্ষেপ
মথুৰাপুৰ চ’ছিয়েল ৱেলফাৰৰ ব্যতিক্ৰমী পদক্ষেপ

চৰাইদেউ জিলাৰ ‘ছ'চিয়েল বেলফেয়াৰ গ্রুপ, মথুৰাপুৰ’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে পৰীক্ষার্থীসকলক মনোবল বৃদ্ধি কৰা আৰু শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে এক ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰে। স্বেচ্ছাসেবী অনুষ্ঠানটোৱে প্রতি বছৰৰ দৰে এইবাৰো অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্র-ছাত্রীসকলক পৰীক্ষাগৃহত প্রৱেশ কৰাৰ আগেয়ে একোটাকৈ কলম প্রদান কৰিব শুভেচ্ছা জ্ঞাপন কবে। 

এই কাৰ্যসূচী গ্ৰুপটোৰ সদস্য ক্রমে প্রণৱ বৰগোহাঁই, বাসুদেৱ কুমাৰ আৰু পূৰ্ণজিত ফুকন, সংবাদকৰ্মী ইছলাম আহমেদকে ধৰি কৰ্মকর্তাসকলে সহযোগিতা আগবঢ়ায়।

charaideo