/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/15de1a18-05e5-4a0d-829a-be251c2abd46/goalpara_16.jpg)
goalpara civil hospital
ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰা অসামৰিক চিকিৎসালয়ত প্ৰসূতি এগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত শুকুৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰশাসেনে আৰক্ষী মোতায়েন কৰিহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। কৰ্তব্যৰত চিকিৎসক-নাৰ্ছৰ গাফিলতিত মৃত্যুক আকোঁৱালি লোৱা প্ৰসূতি মাতৃগৰাকীৰ নাম হ'ল আমেনা খাতুন(১৯)।
দুৰ্ভগীয়া প্ৰসূতিগৰাকীৰ স্বামী ছাইফুদ্দিন শ্বেইখে জানিব দিয়া মতে, প্ৰসৱ বেদনাত ছটফটাই থকা আমেনাক বৃহস্পতিবাৰে সন্ধিয়া ৫ মান বজাত অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত ভৰ্তি কৰা হৈছিল। ৰক্তহীনতাত ভূগি থকা আমেনাক নিশাই তেজ দিয়া হয় চিকিৎসালয়খনত।
শুকুৰবাৰে অৰ্থাৎ আজি পূৱা ৮ মান বজাত আমেনাক প্ৰসৱ কৰাবৰ বাবে লেবাৰ ৰুমলৈ নিয়া হয়।কৰ্তব্যৰত প্ৰসূতি বিশেষজ্ঞ চিকিৎসকৰ অনুপস্থিতিতে লেবাৰ ৰুমত দুগৰাকী নাৰ্ছে আমেনাক প্ৰসৱ কৰোৱায় বুৰি স্বামী ছাইফুদ্দিনৰ অভিযোগত প্ৰকাশ।
সংবাদ মাধ্যমক ছাইফুদ্দিলে জানিব দিয়া মতে,প্ৰসৱ কালত এগৰাকী কন্যা শিশু প্ৰসৱ কৰাৰ পিচতে লেবাৰ ৰুমতে আমেনাৰ প্ৰচুৰ ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰে। আমেনাৰ স্বাস্থ্যৰ অধিক অবনমিত ঘটাৰ পিচতহে কৰ্তব্যৰত চিকিৎসক উপস্থিত হৈ আমেনাৰ স্বাস্থ্য পৰীক্ষা কৰে।
অভিভাৱক আৰু লেবাৰ ৰুমত উপস্থিত থকা দায়িত্বত আশাকৰ্মীক তৎকালীনভাৱে তেজৰ যোগান ধৰিবলৈ নিৰ্দেশ কৰে চিকিৎসক-নাৰ্ছে।স্বামী ছাইফুদ্দিনে ততালিকে চিকিৎসালয়ৰ ব্লাড বেংকত গৈ নিজে ৰক্তদান কৰে।
স্বামীৰ ৰক্ত দান প্ৰক্ৰিয়া চলি থকা অৱস্থাতে প্ৰসৱ ৰুমত আমেনাই শেষ নিশ্বাস ত্যাগ কৰে। এনেদৰে এগৰাকী ঊন্নৈশ বছৰীয়া প্ৰসূতিয়ে প্ৰসৱ ৰুমত অকাল মৃত্যুক আকোঁৱালি লোৱাত প্ৰসূতি মাতৃগৰাকীৰ পৰিয়াল আৰু আত্মীয়ই চিকিৎসালয় কৰ্তৃপক্ষক জবাবদিহি কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চিকিৎসালয়খনত।
চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষী প্ৰশাসনক অৱগত কৰাত প্ৰশাসনে আৰক্ষী মোতায়েন কৰিহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও পৰিয়াল আৰু আত্মীয়স্বজনে আমেনাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই। কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছৰ চৰম গাফিলতি আৰু অবহেলাৰ বাবেই আমেনা খাতুনৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰি কান্দোনত ভাগি পৰিছে আমেনাৰ পৰিয়ালবৰ্গ।
ইয়াৰ এক উচ্চপৰ্যায়ৰ তদন্ত দাবী কৰিছে পৰিয়াল আৰু স্থানীয় সচেতন ৰাইজে।আনহাতে দায়িত্বৰত আশা কৰ্মীয়ে সংবাদ মাধ্যমত স্পষ্ট কৰা মতে,উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতাত ভূগি থকা আমেনাৰ প্ৰসৱ কালত বা লেবাৰ ৰুমত উপস্থিত নাছিল কোনো কৰ্তব্যৰত প্ৰসূতি বিভাগৰ বিশেষজ্ঞ চিকিৎসক।
লেবাৰ ৰুমত দুগৰাকী নাৰ্ছেহে আমেনাৰ প্ৰসৱ কৰোৱায়। ইয়াৰে এগৰাকী জি এন এম নাৰ্ছ আছিল। অৱশ্যে আশা কৰ্মীগৰাকীয়ে জানিব দিয়া মতে,আমেনাই প্ৰসৱ কালত জন্ম দিয়া নৱজাতক সুস্থ অৱস্থাত আছে। লেবাৰ ৰুমত প্ৰসূতিৰ প্ৰসৱৰ সময়ত বিশেষজ্ঞ চিকিৎসক উপস্থিত নথকা বুলি আশা কৰ্মীগৰাকীয়ে দিয়া স্পষ্ট ভাষ্যই চিকিৎসালয়খনৰ নগ্ন স্বৰূপ উদঙাই দিয়াত চিকিৎসালয়ত ভৰ্তি হৈ থকা অইন প্ৰসূতিসকলৰ অভিভাৱক আৰু স্থানীয় সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
একাংশ অভিভাৱকে অভিযোগ কৰা মতে, চিকিৎসালয়ৰ কৰ্তব্যৰত একাংশ নাৰ্ছ আৰু চিকিৎসাকৰ্মীয়ে অভিভাৱকসকলক প্ৰসূতিৰ প্ৰসৱৰ নামত ধন দাবী কৰাৰ লগতে সততে অভব্য ব্যৱহাৰ কৰে। ঘণ্টাৰ পিচত ঘণ্টা ধৰি প্ৰসৱ বেদনাত ছটফটাই থকাৰ পিচতো প্ৰসূতিসকলক সময়মতে প্ৰসৱ কৰোৱা নহয়।
নিশাৰ ভাগত চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত পৰিস্থিতি অধিক শোচনীয় হয়। চিকিৎসালয়ৰ মজিয়াত প্ৰসৱ বেদনাত ছটফটাই থকা আন এগৰাকী প্ৰসূতিৰ মহিলা অভিভাৱকে সাংবাদিকক অভিযোগ কৰা মতে,তেওঁৰ প্ৰসূতিগৰাকীয়ে কালিৰে পৰা প্ৰসৱ বেদনাত ছটফটাই আছে।
আজি দুপৰীয়ালৈকে কোনো গুৰুত্ব দিয়া নাই চিকিৎসক-নাৰ্ছে। ছ'নগ্ৰাফী বিভাগত যিয়ে দুশ টকা দিয়ে তাকহে ৰিপ'ৰ্ট সোনকালে দিয়ে।ধন নিদিলে জৰুৰীকালীন প্ৰসূতিকো সোনকালে ৰিপ'ৰ্ট নিদিয়ে বুলি অভিভাৱকগৰাকীয়ে অভিযোগ উত্থাপন কৰে।
উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত ঠাহখাই পৰিছে প্ৰসূতি ৰোগীৰে। পৰ্যাপ্ত বিছনাৰ অভাৱত চিকিৎসালয়ৰ বিজানুযুক্ত পকি মজিয়াতে জীৱ-জন্তুৰ দৰে বিপজ্জনক অৱস্থাত প্ৰসূতি,মাতৃ আৰু নৱজাতকে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে।