হ্ৰাস পাইছে নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ

ভাৰতৰ মহাপঞ্জীয়কে প্ৰকাশ কৰা নমুনা পঞ্জীয়ন ব্যৱস্থা (SRS) অনুসৰি দেশৰ বৰ্তমানৰ মাতৃ মৃত্যুৰ অনুপাত প্ৰতি লাখ নৱজাতকৰ ৯৭। ২০১৪-১৬ চনত এমএমআৰত ১৩০ পইণ্টৰ পৰা ২০১৮- ২০ চনত ৯৭ পইণ্টলৈ হ্ৰাস পাইছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ৰ লক্ষ্যত উপনীত ভাৰত

ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ৰ লক্ষ্যত উপনীত ভাৰত

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ৰ লক্ষ্যত উপনীত হৈছে ভাৰত। ভাৰতে ২০২০ চনৰ ভিতৰত প্ৰতি লাখ নৱজাতকৰ মাতৃৰ মৃত্যুৰ অনুপাত প্ৰায় ১০০ শতাংশলৈ হ্ৰাস কৰিছে। ২০৩০ চনৰ ভিতৰত ৭০ৰ এমএমআৰৰ এছডিজি লক্ষ্যত উপনীত হোৱাৰ দিশে একত্ৰিত হৈছে ভাৰত। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই মঙলবাৰে ৰাজ্যসভাত উল্লেখ কৰিছে এই তথ্য।

Advertisment

এটা প্ৰশ্নৰ উত্তৰত নড্ডাই সদৰী কৰে যে, ভাৰতৰ মহাপঞ্জীয়কে প্ৰকাশ কৰা নমুনা পঞ্জীয়ন ব্যৱস্থা (SRS) অনুসৰি দেশৰ বৰ্তমানৰ মাতৃ মৃত্যুৰ অনুপাত প্ৰতি লাখ নৱজাতকৰ ৯৭। ২০১৪-১৬ চনত এমএমআৰত ১৩০ পইণ্টৰ পৰা ২০১৮- ২০ চনত ৯৭ পইণ্টলৈ হ্ৰাস পাইছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। সমগ্ৰ বিশ্বত নৱজাতকৰ মাতৃৰ মৃত্যুৰ হাৰ ৪২ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে ভাৰতত হ্ৰাস পাইছে এম এম আৰ ৮৩ শতাংশ।

একেদৰে ভাৰতত পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ (U5MR)৭৫ শতাংশ হ্ৰাস পাইছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই। বিশ্বজুৰি পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ  ৫৮ শতাংশ হ্ৰাস। উল্লেখযোগ্য যে, বিনামূলীয়া, মৰ্যাদাপূৰ্ণ, সন্মানজনক আৰু মানসম্পন্ন স্বাস্থ্যসেৱা আৰু জনস্বাস্থ্য কেন্দ্ৰলৈ অহা প্ৰতিগৰাকী মহিলা আৰু নৱজাতকৰ বাবে সেৱাৰ লক্ষ্যৰে ভাৰত চৰকাৰে ২০১৯ চনত সুৰক্ষিত মাতৃত্ব আশ্বাসন (SUMAN) পদক্ষেপ আৰম্ভ কৰিছিল।

health jp nadda স্বাস্থ্য