ভাৰতে সহ্য নকৰে! কানাডাত হিন্দু মন্দিৰত আক্ৰমণৰ ঘটনাক লৈ দিল্লীত তীব্ৰ প্ৰতিবাদ...

ভাৰতে সহ্য নকৰে! কানাডাত হিন্দু মন্দিৰত আক্ৰমণৰ ঘটনাক লৈ দিল্লীত তীব্ৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
ভাৰতে সহ্য নকৰে!  কানাডাত হিন্দু মন্দিৰত আক্ৰমণৰ ঘটনাক লৈ দিল্লীত তীব্ৰ প্ৰতিবাদ...

ডিজিটেল ডেস্কঃ দিনক দিনে আৰু অধিক অৱনতি ঘটিছে ভাৰত আৰু কানাডাৰ সম্পৰ্ক। শেহতীয়াকা কানাডাত এটা হিন্দু মন্দিৰত আক্ৰমণৰ ঘটনাৰ পাছতে দেওবাৰে নতুন দিল্লীত ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। নতুন দিল্লীৰ কানাডা উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু আৰু শিখ সম্প্ৰদায়ৰ একাংশ সংগঠনৰ নেতা-কৰ্মীয়ে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ৪নৱেম্বৰত কানাডাৰ ব্ৰেপতন হিন্দু সভা মন্দিৰৰ একাংশ ভক্তৰ ওপৰত অৰ্তকিতে আক্ৰমণ চলাইছিল খালিস্তানী একাংশ সমৰ্থকে। এই ঘটনাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও এই ঘটনাক তীব্ৰ নিন্দা প্ৰদান কৰি কানাডা চৰকাৰক ভাৰতীয়সকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনাইছিল।

ঘটনাৰ গভীৰতালৈ লক্ষ্য ৰাখি কানাড চৰকাৰে ততকালীনভাৱে তদন্তৰ ঘোষণা কৰিছিল আৰু এই ঘটনাৰ সৈতে জড়িত ৪গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা ৪গৰাকী ভিতৰত এগৰাকী হৈছে শিখ ফৰ জাষ্টিছ নাম সংগঠনৰ নেতা। খালিস্তানী এই সংগঠনটো ভাৰতত পূৰ্বৰে পৰাই নিষিদ্ধ।

এই ঘটনাৰ তীব্ৰ বিৰোধিতাৰে দেওবাৰে নতুন দিল্লীত কানাডা উচ্চায়ুক্তৰ কাৰ্যালয় কপাঁই তোলে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰী সকলে হিন্দু- শিখ এক এক, ভাৰতে মন্দিৰৰ ওপৰত হোৱা আক্ৰমণ সহ্য নকৰে ইত্যাদি শ্লোগান প্ৰদান কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে। দিল্লী আৰক্ষীয়ে উক্ত স্থানত অধিক আৰক্ষীৰ জোৱান মোতায়েন কৰি পৰিস্থিতি চম্ভালে।

Also Read: ৰেহাই নাপায়ঃ মঠ-মন্দিৰ-মছজিদ-গীৰ্জাত কৰ্মৰত সকলোৱে ভৰি লাগিব কৰ...

কানাডা