/asomiyapratidin/media/media_files/2025/01/08/UqoxflWIecMm572PgUi9.jpg)
Massive preparations for Magh Bihu in Jamugurihat
ডিজিটেল সংবাদ, জামুগুৰিহাট : হেঁপাহৰ ভোগালী বিহুলৈ হাতত মাঁথো কেইটামান দিন বাকী । সমগ্ৰ অসমৰ লগতে জামুগুৰিহাটতো এতিয়া মাঘ বিহুৰ প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে ।
ভেলাঘৰ সাজিবলৈ গাঁৱৰ যুৱক যুৱতীসকল ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ গাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰত। জামুগুৰিহাটৰ পানীগাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিহুৰ পিঠা-পনা তৈয়াৰ কৰি ইতিমধ্যেই বজাৰলৈ মুকলি কৰি দিয়া বুলি জানিবলৈ দিছে।
ঢেঁকীশালত বিহুগীত গাই মহিলাসকলে ভোগালী বিহু উপলক্ষে এতিয়া খোলাপিঠা, বৰপিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু, ঘিলাপিঠা তৈয়াৰ কৰাৰ কামত ব্যস্ত আছে। মাঘ বিহু উপলক্ষে পিঠা পনা তৈয়াৰ কৰা এইসকল জামুগুৰিহাটৰ মহিলাই আজিৰ প্ৰজন্মক ঢেঁকীশাল ,তাতঁশালৰ লগত নিজকে জড়িত তথা সংপৃক্ত কৰি বিহুৰ স্বকীয়তা বজাই ৰাখিবলৈও আহ্বান জনায়।
গাঁৱৰ মহিলাই ভোগালী বিহু উপলক্ষে তৈয়াৰ কৰা খাদ্য সামগ্ৰীসমুহ জামুগুৰিহাটৰ কাঠৰবাৰী চেন্টাৰত থকা 'ঢেঁকীশাল' নামৰ বিপণীখনৰ স্বত্বাধিকাৰী হৰেন বৰাই তেখেতৰ পুত্ৰ হৃদয় কমল বৰাৰ জৰিয়তে সংগ্ৰহ কৰিছে ৷ যি সমুহ পিঠা-পনা তথা বৰ পিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু, খোলাপিঠা ইয়াৰ উপৰি চিৰা, মুৰি আদিকে ধৰি বিহুৰ খাদ্য সামগ্ৰীসমূহৰ নিৰ্দ্দিষ্ট জোখত পেকেটিঙৰ ব্যৱস্থা কৰি নিজৰ বিপণীখনৰ জৰিয়তে সুলভ মূল্যত গ্ৰাহক ৰাইজক যোগানৰ ব্যৱস্থা কৰিছে ৷
লগতে এই সমুহ ভোগালীৰ খাদ্য সমগ্ৰী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈকো প্ৰেৰণ কৰিছে ৷ যাৰ ফলস্বৰূপেই গ্ৰামাঞ্চলৰ মহিলাসকলে তৈয়াৰ কৰা বিহুৰ খাদ্য সামগ্ৰীসমূহৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ৷