/asomiyapratidin/media/media_files/2025/02/14/iMpXMEWU8rt9mLBqHsze.jpg)
সদৌ অসম বিহু নাচৰ আখৰা-২০২৫ৰ ব্যাপক প্ৰস্তুতি
ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান গান্ধাৰৰ উদ্যোগত অহা ২ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত কলংপৰীয়া কণ্ঠ দিগেন মহন্তৰ সোঁৱৰণত সদৌ অসম বিহু নাচৰ বিৰাট আখৰা-২০২৫ এক অনুষ্ঠান আয়োজন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহু নাচ, জেং বিহু, বিহু নাম, ঢোল, পেঁপা, গগণাবাদন কৰ্মশালা অনুষ্ঠিত হ’ব।
এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব বৰ বিহুৱতী ছয়নিকা কাশ্যপ, বিশিষ্ট বিহু শিল্পী পদুম প্ৰসাদ শইকীয়া, চন্দ্ৰ শইকীয়া, পবিত্ৰ বৰা, গগণ চৌধুৰী আৰু আনন্দ শইকীয়াই। বিহু কৰ্মশালা অনুষ্ঠানটিৰ অংশ হিচাপে দাপোনমতী (বোৱাৰী) প্ৰতিযোগিতা, যৌৱনমতী(গাভৰু) প্ৰতিযোগিতা, কাচোনমতী(কন্যা) প্ৰতিযোগিতা আৰু জেং বিহু প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
সামৰণী অনুষ্ঠানৰ দিনা "সাত দিন সাত বিহু নাচ" শীৰ্ষক বৃহৎ মুকলি বিহু, সম্বৰ্ধনা আৰু অভিধা প্ৰদান অনুষ্ঠান, বাৰেৰহনীয়া সমন্ধয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। মুকলি বিহুৰ অনুষ্ঠানত এক হাজাৰ বিহুৱতীৰ বিহু নাচ প্রদর্শন কৰা হ’ব।
এই অনুষ্ঠানতেই বিশিষ্ট অভিনেত্ৰী মাধুৰিমা চৌধুৰীলৈ "কলিমতী"(বিহুৰ দেৱী)অভিধা প্ৰদান, বলিষ্ঠ অভিনেতা ৰবি শৰ্মালৈ "নট সিন্ধু" অভিধা প্ৰদান কৰাৰ উপৰিও সঙ্গীত শিল্পী প্ৰাঞ্জল বৰা, বিশিষ্ট নাট্যকাৰ মৃনাল বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব। এই অনুষ্ঠানলৈ ঢোলৰ ওজা সোমনাথ বড়াক বিশিষ্ট অতিথি শিল্পী হিচাপে আমন্ত্ৰণ জনোৱা হ’ব।
কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰাসকলক ৬০০১১৬৩৮৩৭,৮৮২২০৮০৯২২, ৯৮৬৪৩৪৯৯৩৮ আৰু ৯১০১২৮২৬২৩ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিবৰ বাবে উদ্যোক্তাসকলে আহ্বান জনাইছে।