অৰুণাচলত ভয়ংকৰ ভূমিস্খলনঃ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা

অৰুণাচলত ভয়ংকৰ ভূমিস্খলনঃ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা

author-image
Asomiya Pratidin
New Update
অৰুণাচলত ভয়ংকৰ ভূমিস্খলনঃ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা

ডিজিটেল সংবাদ, জোনাইঃ যোৱা কেইবাদিন ধৰি নেৰানেপেৰাকৈ হৈ দি থকা বৰষুণৰ ফলত চুবুৰীয়া অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পাছিঘাট-আল' সংযোগী পথত বুধবাৰৰ নিশা ভয়ংকৰ ভূমিস্খলন হৈ পথছোৱাত যাতায়াত বন্ধ হৈ পৰে।

Advertisment

এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা মাটিৰ লগতে এটা প্ৰকাণ্ড শিল খহি পৰাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পাছিঘাট-আল' সংযোগী পথ। ফলত বুধবাৰে নিশাৰ ভাগৰ পৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।

Landslides arunachal