/asomiyapratidin/media/media_files/2025/03/02/Vxj2M5SypJKQkFV593aD.png)
ভাৰতীয় সেনা বাহিনীৰ নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ ব্যাপক অনিয়ম
ডিজিটেল ডেস্ক : ভাৰতীয় সেনা বাহিনীৰ নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। বহিঃৰাজ্যৰ পৰীক্ষাৰ্থীৰ অসৎ উপায় অৱলম্বন কৰে এই নিযুক্তি পৰীক্ষাত।
উল্লেখযোগ্য যে দেওবাৰে মহানগৰীৰ নাৰেঙ্গী সেনা শিবিৰত অনুষ্ঠিত হৈছিল ফায়াৰ মেন, চুইপাৰ আৰু ট্ৰেডমেনৰ পৰীক্ষা। 222ABOD ৰ অধীনত নাৰেঙ্গী সেনা শিবিৰত হৈছিল এই নিযুক্তি পৰীক্ষা। ইয়াৰ উপৰি ‘Army Ordinance Corps’ এ অনুষ্ঠিত কৰিছিল এই তিনিওটা নিযুক্তি পৰীক্ষা।
ভাৰতীয় সেনা বাহিনীৰ এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ একাধিক পৰীক্ষাৰ্থী। পিছে মনকৰিবলগীয়া যে এই ৰাজ্য দুখনৰ ১২ জনকৈ পৰীক্ষাৰ্থীয়ে নীতি বৰ্হিঃৰ্ভূতভাৱে পৰীক্ষা কেন্দ্ৰত ব্যৱহাৰ কৰিছিল মোবাইল ফোন, আইপড, ডিভাইচকে ধৰি একাধিক প্ৰযুক্তি বিদ্যাৰ সামগ্ৰী।
এই কথা পোহৰলৈ অহাত সেনাই এগৰাকী মহিলা পৰীক্ষাৰ্থী সহঃ ১৩ জন পৰীক্ষাৰ্থীক ধৰা পেলায়। তাৰ পাছতে লগে-লগে আটাইকেইগৰাকীকে সাতগাঁও আৰক্ষীক গতাই দিয়ে । ইতিমধ্যে আৰক্ষীয়ে আটাইকেইজনকে সোধা-পোচা অব্যাহত ৰাখিছে। ইফালে এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰক্ষীয়ে।
উল্লেখযোগ্য যে আটকাধীন লোক কেইজন ক্ৰমে হাৰিয়ানাৰঃ (১) য়ুথবীৰ (২) মোহন (৩) বিশ্বাস (৪) তুষাৰ (৫) অনিল (৬) ৰিংকু (৭) কুলদীপ (৮) গুৰমীত (৯) হৰিশ (১০) সন্দীপ কুমাৰ (১১) বিলু (১২) ইনু আৰু উত্তৰ প্ৰদেশৰ (১৩) প্ৰাণদ্বীপ কুমাৰ।