/asomiyapratidin/media/media_files/2024/12/13/lqyF8xVhjkIs36UvySCk.jpg)
ডিজিটেল ডেস্ক : বিত্তীয় অনিয়মেৰে চলিত বর্ষত অভিলেখ গঢ়িছে দুর্নীতিগ্ৰস্তই। বিত্তীয় চোৰাংচোৱা গোট- ভাৰতৰ দ্বাৰা চলিত বৰ্ষত এতিয়ালৈকে অজ্ঞাত উৎসৰে প্ৰায় ১১ হেজাৰ কোটি টকা উপার্জন কৰা বুলি ধৰা পৰিছে।
বিত্ত মন্ত্র্যালয়ে এই কথা জানিবলৈ দিয়ে। আইন বলবৎকাৰী সংস্থাসমূহে ভাৰতত চলিত বৰ্ষত অজ্ঞাত উৎসৰ পৰা অপৰাধী চক্রৰ হাতলৈ প্রায় ২,৭৬৩ কোটি টকা হস্তান্তৰ হোৱাটো ধৰা পেলায়। একেখিনি সময়ত আইন বলৱৎকাৰী সংস্থাসমূহে এনেধৰণৰ বেনামী সম্পত্তিৰ ১৮৩.৪ কোটি টকা বাজেয়াপ্ত কৰিবলৈ সক্ষম হয়।