উত্তৰ প্ৰদেশৰ নয়দাত বিধ্বংসী অগ্নিকাণ্ড...

প্ৰচণ্ড জুই আৰু ধোঁৱাই মুহূৰ্ততে ঘেৰি ধৰে বিস্তৃত এলেকাটো। বৃহস্পতিবাৰে দিনৰ ভাগত এলেকাটোৰ এটা গুদামত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। 

author-image
Asomiya Pratidin
New Update
উত্তৰ প্ৰদেশৰ নয়দাত বিধ্বংসী অগ্নিকাণ্ড

উত্তৰ প্ৰদেশৰ নয়দাত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ নয়দা ছেক্টৰ ১২২ নামৰ এলেকাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। প্ৰচণ্ড জুই আৰু ধোঁৱাই মুহূৰ্ততে ঘেৰি ধৰে বিস্তৃত এলেকাটো। বৃহস্পতিবাৰে দিনৰ ভাগত এলেকাটোৰ এটা গুদামত সংঘটিত হয় এই ঘটনা। 

Advertisment

জানিব পৰা মতে গুদামটোত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। অৱশ্যে এতিয়ালৈকে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীৰ ক্ষিপ্ৰতাৰ বাবেই বহু শ্ৰমিক অনাকাঙ্খিত ঘটনাৰ পৰা ৰক্ষা পৰে।

fire uttar pradesh