/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
dangor khabar
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলঙ জিলাৰ ডেনগাঁৱৰ বজাৰত শনিবাৰে নিশাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে ডেনগাঁও বজাৰৰ ব্যৱসায়ী আলোক ঘোষ নামৰ এজন ব্যক্তিৰ ঘৰ আৰু ব্যৱসায়ী প্ৰতিষ্ঠানত কোনো দুষ্কৃতিকাৰীয়ে পেট্ৰ'ল ঢালি অগ্নি সংযোগ কৰে।
অগ্নিকাণ্ডৰ ফলত ডেনগাৱঁৰ আলোক ঘোষৰ নিজৰ বাসগৃহৰ লগতে এখন ফাৰ্মাচী আৰু এখন পাণ দোকান ভস্মীভূত হয় । অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা-সম্পত্তি ক্ষয়-ক্ষতি হয়।
Also Read: নতুন দিল্লীত মিছিং ছাত্ৰ সন্থাৰ উদ্যোগত নৱাগত আদৰণি সভা