Advertisment

মহাকুম্ভ মেলাত ভয়ংকৰ অগ্নিকাণ্ড : ভস্মীভূত কেইবাটাও অস্থায়ী শিবিৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দেওবাৰে বিয়লিৰ ভাগত চিলিণ্ডাৰ বিস্ফোৰণ হৈ কেইবাটাও অস্থায়ী শিবিৰ ভস্মীভূত হয়। 

author-image
Asomiya Pratidin
New Update
মহাকুম্ভ মেলাত ভয়ংকৰ অগ্নিকাণ্ড

মহাকুম্ভ মেলাত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দেওবাৰে বিয়লিৰ ভাগত চিলিণ্ডাৰ বিস্ফোৰণ হৈ কেইবাটাও অস্থায়ী শিবিৰ ভস্মীভূত হয়।

Advertisment

জানিব পৰা মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত তম্বুত লগা জুইয়ে নিমিষতে ঘেৰি ধৰে শিবিৰকেইটা। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত এই ঘটনাত অৱশ্যে কোনো লোক হতাহত হোৱা নাই। 

 

ইফালে সাম্ভাৱ্য দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি সাজু কৰি থোৱা অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ চেষ্টা চলাই আছে। 

আনফালে ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয় যোগী আদিত্যনাথে। আহতসকলক চিকিৎসাৰ লগতে প্ৰশাসনক এই ক্ষেত্ৰত অধিক সৰ্তক হবলৈ নিৰ্দেশ প্ৰদান কৰে। 

কুম্ভমেলাত এই ঘটনা সংঘটিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ফোন কৰি পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে। আহতসকলে যাতে যথোপযুক্ত চিকিৎসা লাভ কৰে তাৰ প্ৰতিও নজৰ ৰাখিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীেয়ে।

 

মহাকুম্ভ মেলা