নিশা কঠিয়াতলী ৰেংবেং বজাৰত  ভয়ংকৰ অগ্নিকাণ্ড

মা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত প্ৰথমে জুইৰ সূত্ৰপাত ঘটি পিছত এই অগ্নিকাণ্ডত কাষৰ দুখন দোকান আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, কামপুৰ : ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে অসমীয়াৰ নৱবৰ্ষৰ প্ৰথম দিনটোৰ নিশা নগাঁও জিলাৰ কঠিয়াতলী ৰেংবেং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে মা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত প্ৰথমে জুইৰ সূত্ৰপাত ঘটি পিছত এই অগ্নিকাণ্ডত কাষৰ দুখন দোকান আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়।

Advertisment

স্থানীয় লোকে পানী আৰু বালিৰে জুই নিবাপিত কৰাৰ চেষ্টা কৰে। আনফালে অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাত  ৰাইজ উত্তেজিত হৈ অগ্নিনিৰ্বাপক বাহিনী গ'বেক,আৰক্ষী গ'বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

পিছত কঠিয়াতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

nagaon