চাৰিদুৱাৰত ভয়াৱহ অগ্নিকাণ্ড...

শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত পুৱতি নিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত এখন ব্ৰইলাৰ ফাৰ্ম সম্পূৰ্ণৰূপে ভস্মীভূত হয়। 

author-image
Asomiya Pratidin
New Update
চাৰিদুৱাৰত ভয়াৱহ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত পুৱতি নিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত এখন ব্ৰইলাৰ ফাৰ্ম সম্পূৰ্ণৰূপে ভস্মীভূত হয়। 

উল্লেখ্য যে, চাৰিদুৱাৰৰ ১ নং জয়ন্তীপুৰ গাঁৱৰ জুংচাৰ বসুমতাৰী, ৰাজা বসুমতাৰী আৰু জয়ন্ত বড়োয়ে একত্ৰিতভাৱে উক্ত ব্ৰইলাৰ ফাৰ্মখন নতুনকৈ খুলি ব্যৱসায় আৰম্ভ কৰিছিল। জুইৰ লেলিহান শিখাই সমগ্ৰ ফাৰ্মখন আগুৰি ধৰাত সম্পূৰ্ণভাৱে ভস্মীভূত হয়। 

উল্লেখযোগ্য যে, ফাৰ্মখনত থকা প্ৰায় ১,৬০০ টা কুকুৰা জুইত জাহ গৈ অকাল মৃত্যুক সাৱতি ল’ব লগা হয় । ইফালে অগ্নিকাণ্ডৰ ফলত ফাৰ্মখন জ্বলি যোৱাত দৰিদ্ৰ পৰিয়ালৰ তিনিওজন যুৱক সম্প্ৰতি হতাশাত ভাগি পৰিছে। 

বাঁহ-খেৰৰে নিৰ্মাণ কৰা ব্ৰইলাৰ ফাৰ্মখনত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল তাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

jamugurihat