/asomiyapratidin/media/media_files/2025/03/26/Nokz7nYhhcPstQbJCKoh.png)
ভয়ংকৰ অগ্নিকাণ্ড
ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাপথাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মুক্তিয়াৰ আৰ্নে গাওঁত সংঘটিত হ'ল এই ভয়ানক অগ্নিকাণ্ড। বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২:২০ বজাত গাওঁখনৰ খগেচ ওৰফে কমিচন মৰাঙৰ ঘৰখন আকস্মিকভাৱে দপ দপাই জ্বলি উঠিল। বিকত শব্দৰে বিস্ফোৰণ ঘটিল ৰন্ধন গেছৰ চিলেণ্ডাৰ। বিস্ফোৰণত চকুৰ পচাৰতে জ্বলি ছাঁইলৈ পৰ্যবসিত হ'ল মৰাঙৰ ঘৰখন। ঘৰৰ সকলো আচবাব,খাদ্য বস্তুৰ পৰা কাপোৰ কানিলৈকে সমস্ত বয়-বস্তু ভস্মীভূত হ'ল। অনিষ্ট সাধন হয় পৰিয়ালটোৰ বহু লাগতিয়াল নথি পত্ৰৰ।
অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি ৰাইজৰ সহযোগত জুই নিৰ্বাপনৰ বহু চেষ্টা চলায় যদিও একো বচাব পৰা নগ'ল। ঘটনাটোৱে পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us