/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ce0e772d-953c-4f21-99be-fe023db58034/fire_17.jpg)
মানকাচৰত অগ্নিকাণ্ডঃ ১০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মিভূত...
মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী চাটিভূই বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ।
প্ৰায় ১০ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয় ক্ষতি।
পেট্ৰ'লৰ পৰা অগ্নিকাণ্ড সংগঠিত হোৱা বুলি জানিব পৰা গৈছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী চাটিভূই বজাৰত সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
মতিউৰ ৰহমান নামৰ এজন ব্যক্তিৰ গেলামালৰ দোকানৰ পেট্ৰলৰ পৰা অগ্নিকাণ্ড সংগঠিত হৈ ৰমজান আলী আৰু কোৰবান আলীৰ দোকান লৈ জুই বিয়পি পৰে।
অগ্নিকাণ্ডৰ ফলত তিনিখনকৈ দোকান ভস্মীভূত হৈছে।
মেঘালয়ৰ গাৰোবাধাৰ পৰা অগ্নি নিৰ্বাহক বাহিনীৰ এটা দল আহি স্হানীয় ৰাইজৰ সহযোগত জুই নোমোৱাবলৈ সক্ষম হয়।
ক্লিক কৰি পঢ়কঃ নগাঁৱৰ জ্যেষ্ঠ অগপ নেতাৰ মৃত্যুত শোক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us