/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1781acd0-d873-496b-b5b9-8cf3993f80cd/download.jpg)
massive fire at maligaon
ডিজিটেল ডেস্কঃ দিপাৱলীৰ পূৰ্বেই অঘটন। উৎসৱৰ বতৰতে মহানগৰীত সংঘটিত হ'ল এক অগ্নিকাণ্ডৰ ঘটনা। গুৱাহাটী মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে এই ঘটনা।
মালিগাঁৱৰ চেণ্ট্ৰেল গোটানগৰৰ ৰে'লৱে কোৱাৰ্টাৰত সংঘটিত হোৱা এই অগ্নিকাণ্ড এটা চাকিৰ পৰা সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। গৌতম বাছফৰ নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
প্ৰাৰম্ভিক তথ্য মতে এই অগ্নিকাণ্ডত দুটাকৈ কোৱাৰ্টাৰৰ ক্ষতিগ্ৰস্ত হৈছে। এই অগ্নিকাণ্ডত প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ভস্মিভূত হোৱা বুলিও প্ৰকাশ পাইছে। ঘটনা সংঘটিত হোৱা পিছতে ৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে অতি তৎপৰতাৰে অগ্নি নিৰ্বাপন কৰাৰ বাবে অধিক ক্ষতিৰ পৰা অঞ্চলটো ৰক্ষা পৰে।