/asomiyapratidin/media/media_files/2025/04/27/JOATFo29GMjkIewvr4Wr.jpg)
ভয়ংকৰ অগ্নিকাণ্ড
ডিজিটেল ডেস্ক : দেওবাৰে পুৱা দক্ষিণ মুম্বাইৰ বেলাৰ্ড এষ্টেট অঞ্চলৰ ইডি কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত কোনোলোক আহত হোৱা নাই যদিও কাৰ্যালয়টোৰ বিস্তৰ ক্ষতিসাধন হয়। পাঁচ মহলীয়া অট্টালিকাটোৰ চতুৰ্থ মহলাতে অগ্নিকাণ্ড সংঘটিত হৈছিল
অগ্নিকাণ্ডৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ চেষ্টা কৰে। নিমিষতে জুয়ে চানি ধৰে সমগ্ৰ অট্টালিকাটো। বিষয়াসকলৰ মতে, কাৰিম্ভয় ৰোডৰ গ্ৰেণ্ড হোটেলৰ সমীপত অৱস্থিত বহুমহলীয়া অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বিষয়ে পুৱা প্ৰায় ২:৩১ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে ফোন লাভ কৰে। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলক ততাতৈয়াকৈ সেই স্থানলৈ লৈ যায় আৰু পুৱা ৩:৩০ বজালৈকে জুইক লেভেল-IIজুই হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
পাঁচ মহলীয়া অট্টালিকাটোৰ চতুৰ্থ মহলাতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি নিশ্চিত কৰিছে বিষয়াসকলে। আঠটা অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন, ছটা জাম্বো পানীৰ টেংকাৰ, এখন আকাশী জখলা, এখন শ্বাস-প্ৰশ্বাসৰ যন্ত্ৰৰ ভ্যান, এখন উদ্ধাৰকাৰী ভ্যান, এখন দ্ৰুত সঁহাৰি বাহন আৰু এখন এম্বুলেন্সকে ধৰি একাধিক সঁজুলি সাজু কৰিছিল প্ৰশাসনে। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে।