চিৰাঙৰ মাদাৰপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডঃ ৭ টাকৈ দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত...

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ মাদাৰপুৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডঃ ৭ টাকৈ দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত...

CHIRANG

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত মাদাৰপুৰ বজাৰত আজি নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত মুহূৰ্তৰ ভিতৰতে মাদাৰপুৰ বজাৰৰ ৭ টাকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ লগতে আন কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয়।

অতিকৈ ভিতৰুৱা অঞ্চল হোৱা হেতুকে অগ্নিনিৰ্বপন বাহিনীলৈ অপেক্ষা নকৰি স্থানীয় ৰাইজে নিজৰ প্ৰচেষ্টাতেই জুই নিৰ্বাপিত কৰে । স্থানীয় লোকে জানিবলৈ দিয়া মতে আজি অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ব্যৱসায়ী আশ্ৰফ আলীৰ দোকানৰ পৰা ।

ৰাইজৰ সন্দেহ বৈদ্যুতিক চৰ্টছাৰ্টিকৰ ফলতেই এই অগ্নিকাণ্ডৰ সুত্ৰপাত হৈ পৰৱৰ্তী সময়ত আন আন ব্যৱসায়ী প্ৰতিষ্ঠানত বিয়পি যায় । সৌভাগ্য ক্ৰমে উক্ত অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

আজিৰ এই বিধ্বংসী অগ্নিকাণ্ড ফলত মাদাৰপুৰ বজাৰত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে ।

chirang