কলিয়াবৰ মহাবিদ্যালয়ত বৃহৎ বিত্তীয় কেলেংকাৰীঃ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগৰ আঙুলি...

কলিয়াবৰ মহাবিদ্যালয়ত বৃহৎ বিত্তীয় কেলেংকাৰীঃ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগৰ আঙুলি...
কলিয়াবৰ মহাবিদ্যালয়ত বৃহৎ বিত্তীয় কেলেংকাৰীঃ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগৰ আঙুলি...

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ মহাবিদ্যালয়ত বৃহৎ বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে। উত্থাপিত অভিযোগ সন্দৰ্ভত ৰাজহুৱা ভাৱে ক্ষোভ প্ৰকাশ কৰাৰ লগতে সমগ্ৰ জালিয়াতিৰ উচিত তদন্ত দাবী কৰিছে মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ সমাজে।

সোমবাৰে মহাবিদ্যালয়খনত সংঘটিত বিত্তীয় খেলিমেলি সন্দৰ্ভত অনুষ্ঠিত ৰাজহুৱা সভাই শীঘ্ৰেই বিত্তীয় কেলেংকাৰিত জড়িত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাৰ বিৰুদ্ধে তাৎক্ষণিক ভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, বিভিন্ন শিতানত আবণ্টিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধনৰ অপব্যৱহাৰ কৰাৰ লগতে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাৰ বিৰুদ্ধে।

মহাবিদ্যালয়ৰ ঐতিহ্যত আঘাত হনা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰাক্তন শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ সমাজৰ। অসম চৰকাৰৰ হিচাপ পৰীক্ষণ বিভাগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে কলিয়াবৰ মহাবিদ্যালয়ত সংঘটিত বৃহৎ বিত্তীয় কেলেংকাৰিৰ তথ্য।

উল্লেখ্য যে, অসম চৰকাৰৰ হিচাপ পৰীক্ষণ বিভাগে ২০১৬ চনৰ পৰা মহাবিদ্যালয়খনৰ ৬ বছৰৰ হিচাপ পৰীক্ষা কৰি যোৱা ১ ডিচেম্বৰত প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদনৰ প্ৰতিলিপি ৰাজহুৱা হোৱাৰ পিছতে চকু কপালত উঠিছে বিদ্ধৎ সমাজৰ।

হিচাপ পৰীক্ষকৰ এই প্ৰতিবেদনৰ পিছতে পোহৰলৈ আহে শ্ৰেণী কোঠা নিৰ্মাণ, শিক্ষক-শিক্ষয়িত্ৰীৰ জিৰণী কোঠা নিৰ্মাণ, বৈদ্যুতিক বিল আদিৰ শিতানত বৃহৎ বিত্তীয় জালিয়াতিৰ কথা। ৪২ পৃষ্ঠাৰ হিচাপ পৰীক্ষণৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ বিত্তীয় খেলিমেলিৰ তথ্য।

ইয়াৰোপৰি, মহাবিদ্যালয়ৰ নিজা আৱাস থকাৰ পিছতো ভাড়াঘৰত থকা দেখুৱাই মহাবিদ্যালয়ৰ ধন আত্মসাতৰ অভিযোগ উঠিছে অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাৰ বিৰুদ্ধে। বিভিন্ন শিতানত ব্যয় কৰা ধনৰ সঠিক তথ্য-পাতি নথকাত উদ্বেগ প্ৰকাশ কৰিছে মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-কৰ্মচাৰীসকলেও।

সোমবাৰে কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পহল থাপাৰ সঞ্চালনাত অনুষ্ঠিত প্ৰাক্তন শিক্ষক-কৰ্মচাৰী তথা প্ৰাক্তন ছাত্ৰ সমাজৰ সভাই ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মহাবিদ্যালয়খনৰ বিত্তীয় কেলেংকাৰিত। সভাত প্ৰাক্তন উদ্যোগমন্ত্ৰী তথা প্ৰাক্তন অধ্যাপক গুনীন হাজৰিকা, মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা প্ৰমুখ্য বহু কেইগৰাকী সচেতন ব্যক্তি উপস্থিত থাকে ৷

বিগত ৬ বছৰে মহাবিদ্যালয়খনত সংঘটিত বৃহৎ বিত্তীয় খেলিমেলিত অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাক জগৰীয়া কৰি অধ্যক্ষগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰো দাবী কৰে প্ৰাক্তন শিক্ষক সমাজৰ লগতে সচেতন ৰাইজে। ইফালে, মহাবিদ্যালয়খনত সংঘটিত বিত্তীয় খেলিমেলিৰ তথ্য ফাদিল হোৱাৰ পিছতে উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই।

আনহাতে, মহাবিদ্যালয়খনৰ বিত্তীয় কেলেংকাৰিৰ সন্দৰ্ভত মহাবিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ তথা শিক্ষক আৰু বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্লিপ্ততাকো কঠোৰ ভাষাৰে সমালোচনা কৰে বিদ্ধৎ সমাজে। ইপিনে অধ্যক্ষ হিৰণ্য কুমাৰ চলিহাৰ বিৰূদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহনৰ দাবীত কাইলৈ মহাবিদ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত সভাই গ্ৰহন কৰে ৷

ক্লিক কৰি পঢ়কঃ বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ক হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in