/asomiyapratidin/media/media_files/2025/05/26/vtCUzzjVFUWXubF9jByf.jpg)
নিশাৰী নৈৰ ব্যাপক খহনীয়া, আতংকিত স্থানীয় ৰাইজ
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেঁতেলীসৰাত নিশাৰী নৈৰ পূব পাৰে ব্যাপক খহনীয়া সৃষ্টি হোৱাত আতংকিত হৈ পৰিছে ৰাইজ। কামপুৰ -কঠীয়াতলী পথৰ পৰা বামুনীজান পলশালৈকে প্ৰায় তিনি কিলোমিটাৰ এলেকাত নিশাৰী নৈয়ে কেইবা ঠাইটো ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে, ২০২২ বৰ্ষত প্ৰৱল বানত ব্যাপক খহনীয়া সৃষ্টি হৈছিল এই এলেকাত। পলশা -বামুনীজানত পাঁচ ঠাইত আৰু পূব তেঁতেলীসৰা গাঁৱত কেইবাঠাইটো খহনীয়া হোৱাত জৰুৰীকালীন সেৱাকে ধৰি বাইক, চাইকেল, চাৰিচকীয়া যান -বাহন চলাচল কৰাত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। ২০২২ বৰ্ষৰ বানৰ পিছত স্থানীয় ৰাইজে এই গৰাখহনীয়া ৰোধৰ বাবে স্থানীয় বিধায়ককে ধৰি বিভিন্ন মহলত দাবী জনাই আহিছে যদিও আজিকোপতি ইয়াৰ নিৰ্মাণ অথবা মেৰামতি নকৰাত ব্যাপক ক্ষোভ উজাৰিছে ৰাইজে।
ইফালে, পলশা বামুনীজানত কেইবাঘৰো লোক নিশাৰীৰ বুকুত ঘৰ -মাটি নিশাৰীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। আনফালে নিশাৰীৰ পশ্চিম দিশত পটিয়াপামৰ বৰ'কলা দলঙলৈকে পথ আৰু মথাউৰী নিৰ্মাণ হৈ থকা নৈ খনৰ পূব দিশলৈ ব্যাপক ভাবুকি আহি পৰিছে। বৰ্তমান সময়ত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত নিশাৰী নৈ জলস্তৰ বৃদ্ধি হওঁতে শংকিত হৈ পৰিছে স্থানীয় কৃষিজীৱী লোকসকল। ৰাইজে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক তাৎক্ষনিকভাৱে গৰাখহনীয়া এলেকাসমূহ মেৰামতি কৰিবলৈ দাবী জনাইছে।