ঢকুৱাখনাত ঠিকাদাৰেই সৰ্বেসৰ্বা ! পথ নিৰ্মাণত ব্যাপক বিসংগতি

লোকনিৰ্মান পথ বিভাগৰ নীতি নিৰ্দেশনা কিম্বা বিভাগীয় বিষয়াৰ কাৰিকৰী নিৰ্দেশ সকলো পদপিষ্ট হৈছে ঢকুৱাখনাত ...

author-image
Asomiya Pratidin
New Update
fdh

ডিজিটেল সংবাদ, ঢকুৱাখনা : লোকনিৰ্মান পথ বিভাগৰ নীতি নিৰ্দেশনা কিম্বা বিভাগীয় বিষয়াৰ কাৰিকৰী নিৰ্দেশ সকলো পদপিষ্ট হৈছে ঢকুৱাখনাত । ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান পথ সংমণ্ডলৰ অধীনত ৰূপায়িত একাংশ পথ নিৰ্মাণ আঁচনিত এনে বিশৃংখল কাণ্ডৰ সূত্ৰপাত ঘটিছে । 

Advertisment

বিভাগীয় নীতি নিয়ম উলাই কৰি ঠিকাদাৰৰ ইচ্ছাই "এষ্টিমেট" হৈছে পথ সংমণ্ডলটোৰ একাংশ আঁচনিৰ ক্ষেত্ৰত । উত্থাপিত ৰাজহুৱা অভিযোগত প্ৰকাশ যে ঢকুৱাখনাৰ মদাৰগুৰি তিনিআলিৰ পৰা গৰৈমাৰী কপহুৱা মদাৰগুৰি চাপৰি হৈ ন কপহুৱা পাৰঘাট সংযোগী এটা গ্ৰাম্য পথ নিৰ্মাণৰ বাবে আঁচনি আবন্টন হৈছিল । 

উল্লেখ্য যে ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাই ২০২৩ চনৰ ৭নৱেম্বৰত এই গ্ৰাম্য পথটোৰ আধাৰশিলা স্থাপন কৰিছিল । অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ শিতানত প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘৰ এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল বিক্ৰম সিং পেগু নামৰ এগৰাকী বিভাগীয় ঠিকাদাৰে । 

কামৰ নিৰ্দেশনা লাভ কৰি ঠিকাদাৰে আঁচনি ৰূপায়ন কৰাত নামিল ঠিকেই কিন্তু কামৰ নমুনা দেখি স্তম্ভিত অঞ্চলবাসী ৰাইজ । অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ , ক্ৰুটিপূৰ্ণ নিৰ্মানশৈলী আৰু বিসংগতিপূৰ্ণ কাম দেখি অঞ্চলবাসী ক্ষুব্ধ । 

drjif

লোকনিৰ্মান পথ বিভাগৰ সঠিক পৰ্যবেক্ষণৰ অভাৱ আৰু বেপৰোৱা স্থিতিৰ বাবে প্ৰায় তিনি কিলোমিটাৰ দৈর্ঘৰ "পেভাৰ্ছ ব্লক" যুক্ত পথ চোৱাৰ স্থায়িত্ব হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে । প্ৰাককলন বৰ্হিভূত প্ৰক্ৰিয়াৰে পথচোৱা নিৰ্মান কৰা প্ৰত্যক্ষ কৰি বৃহত্তৰ গাঁৱবাসী ৰাইজৰ এটা প্ৰতিনিধি দলে বিধায়ক নৱ দলেক সাক্ষাৎ কৰি এনে ক্ৰুটিপূৰ্ণ কামৰ প্ৰতিবাদ জনাইছিল । 

পথ নিৰ্মাণৰ পাছতে পথৰ "ছাইদ বিম" ভাগি যোৱা , খলা বমা পথতে ইটা পাৰি যোৱাৰ বাবে পথৰ মাজৰ ইটা উঠি অহা , নিম্ন মানৰ সামগ্ৰীৰে বলদাৰ স্পাৰ নিৰ্মান কৰা আদি বিভিন্ন প্ৰামানিক অভিযোগ বিধায়কক দাখিলৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বিধায়ক দলেয়ে । যাৰ পৰিণতিত এখন ব্যয়বহুল চৰকাৰী আঁচনিৰ বিশাল পুঁজি কেৱল বেপৰোৱা ঠিকাদাৰৰ ময়মতালিৰ বাবে অপচয় হোৱাৰ দিশে গতি কৰিছে । 

উন্নয়নকামী ৰাইজৰ স্পষ্ট দাবী যে সম্পূৰ্ণ ক্ৰুটিপূৰ্ণ ভাৱে নিৰ্মান কৰা হৈছে পথটো । ঠিকাদাৰৰ ইচ্ছাই "এষ্টিমেট" গণ্য কৰি বিসংগতিভাৱে নিৰ্মাণ কৰা হৈছে গুৰুত্বপূৰ্ণ পথটো। চৰকাৰী পুঁজিৰ অপব্যৱহাৰ দেখিও মৌন ভূমিকা লৈছে বিধায়ক , লোকনিৰ্মান বিভাগৰ আমোলা বিষয়াই । 

ৰাজ্য চৰকাৰৰ লোকনিৰ্মান দপ্তৰৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰাম্য উন্নয়নৰ সপোন পদপিষ্ট কৰাত উঠি পৰি লগা এনেবোৰ দায়িত্বশীল পক্ষৰ দায়িত্বহীন ভূমিকাৰ বিৰুদ্ধে শীঘ্ৰেই মুখ্যমন্ত্ৰীলৈ ৰাজহুৱা অভিযোগ প্ৰেৰণৰ সিদ্ধান্ত লোৱা বুলি ৰাইজে জানিবলৈ দিয়ে। ঢকুৱাখনা লোকনিৰ্মান বিভাগে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণৰ অন্যথাই ৰাইজ ৰাজপথলৈ অহাৰো ইংগিত প্ৰদান কৰে।

dhakuakhana