প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনত দুৰ্নীতিঃ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনৰ বিনিময়ত বিলাইছে ঘৰ...

chirang
chirang

ডিজিটেল সংবাদ চিৰাং: দুৰ্নীতিমুক্ত আদৰ্শ বি টি আৰ গঠন কৰাৰ প্ৰতিশ্ৰুতিৰে বি টি চি শাসনৰ গাদী দখল কৰা প্ৰমোদ বড়োৰ বি টি আৰ এলেকাত এটাৰ পিছত এটা জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিব ধৰিছে । এইবাৰ চিৰাং জিলাৰ বড়োবাজাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ৰৌমাৰী ভি চি ডি চিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন তথা ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

চৰকাৰী নিয়ম নীতি অনুসৰি বিভাগীয় ভাবে বাচনি কৰা হিতাধীকাৰীৰ নাম নথিপত্ৰত সন্নিবিষ্ট থকা স্বত্তেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । অভিযোগ অনুসৰি ৰৌমাৰী ভি চি ডি চিৰ সভাপতি আৰু সদস্যসকলে নীতি বৰ্হিভূত ভাবে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আন ব্যক্তিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ আবন্টন কৰি আছে ।

এই খেলিমেলিৰ আঁৰত একাংশ ভি চি ডি চিৰ সদস্যসকলৰ বিৰুদ্ধে ব্যাপক ধন লেনদেন কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ মতে বিশেষকৈ ৰৌমাৰী ভি চি ডি চিৰ অন্তৰ্গত পলাশগুৰি-থাইজোগুৰী গাঁৱৰ ভি চি ডি চি সদস্য বেৰ্গো ব্ৰহ্ম, ২নং দাউখানগৰৰ সদস্য তাহেৰ আলী আৰু ২নং দাউখানগৰ উত্তৰখণ্ডৰ সদস্য তয়েজ আলীয়ে চৰকাৰী নীতি নিয়ম ধোঁৱাচাঙত তুলি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ খেয়াল খুছি মতে পচন্দৰ ব্যক্তিক গৃহ আৱন্টন দিছে ।

চৰকাৰী নথিপত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টিত হৈছে পলাশগুৰী থাইজোগুৰীৰ নিৰল বসুমতাৰীৰ নামত কিন্তু ভি চি ডি চি সদস্য বেৰ্গো ব্ৰহ্মই প্ৰকৃত হিতাধিকাৰী নিৰল বসুমতাৰীক সেই গৃহ দিয়াৰ পৰিবৰ্তে নিৰল বসুমতাৰীৰ নিকট আত্মীয় নোমাল বসুমতাৰীক আবন্টিত কৰি দিয়ে। অনুৰূপ ভাবে ২ নং দাউখানগৰৰ ছাইদুল আকন্দৰ নামত আবন্টিত গৃহ ভি চি ডি চি সদস্য তাহেৰ আলীয়ে ধনৰ বিনিময়ত শ্বহিদুল আকন্দৰ নামত কৰি দিছে ।

ইপিনে দাউখানগৰ উত্তৰ খণ্ডৰ ভি চি ডি চি সদস্য তয়েজ আলীয়ে আজিৰন বেগম নামৰ এগৰাকী বিধৱা মহিলাৰ স্বামী ছফিউৰ ৰহমানৰ নামত আবন্টন হোৱা গৃহৰ বাবদ ১০ হেজাৰ টকা দাবী কৰে। সেই দাবী কৰা ১০ হেজাৰ টকা আদায় দিব নোৱাৰাত সেই গৃহ আব্দুল লতিফ নামৰ এজন ব্যক্তিক আবন্টিত কৰি দিছে বুলি বঞ্চিত মহিলা গৰাকীয়ে অভিযোগ কৰে ।

বঞ্চিত হিতাধিকাৰীসকলে আজি সংবাদ মাধ্যমৰ কেমেৰাৰ আগত জানিবলৈ দিয়ামতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পূৰ্বৰ বাচনি তালিকা অনুসৰি বড়োবাজাৰ উন্নয়ন খণ্ডৰ পৰা অহা বিষয়ববীয়াসকলে তালিকাভুক্ত লোকসকলৰ গৃহত গৈ জিঅ'টেক পদ্ধতিত ফটো উঠাই লৈ গৈছিল । পৰবৰ্তী সময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মঞ্জুৰীপ্ৰাপ্ত হিতাধিকাৰীসকলৰ তালিকা চৰকাৰী ৱেবছাইটত প্ৰকাশ পায় ।

সেইমতে হিতাধিকাৰীৰ তালিকাভুক্ত হোৱা লোকসকলে ভি চি ডি চিৰ স্থানীয় সদস্যসকলৰ ওচৰত গৈ জানিব বিচৰাত সদস্যসকলে নানা ধৰনৰ বিসংগতিপূৰ্ণ কথাবতৰা কৈ লোকসকলক ঘুৰাই পঠিয়াই দিয়ে । তাৰ পিছত ৰৌমাৰী ভি চি ডি চিৰ সভাপতি মুনিন্দ্ৰ বসুমতাৰীক লগ ধৰি ভি চি ডি চি সদস্যসকলৰ মইমতালিৰ কথা অভিযোগ কৰে কিন্তু সভাপতি মুনিন্দ্ৰ বসুমতাৰীয়ে হিতাধীকাৰীসকলৰ কথা গুৰত্ব দিয়াৰ পৰিবৰ্তে দুৰ্নীতিৰ আশ্ৰয় লোৱা ভি চি ডি চিৰ সদস্যসকলৰ পক্ষ লৈ হিতাধিকাৰীসকলক চিন্তা কৰিব নালাগে বুলি পৰামৰ্শ দি তিনিবছৰ পিছত তেওঁলোকক গৃহ দিয়া হব বুলি আশ্বাস প্ৰদান কৰি উভতাই পঠিয়াই দিয়ে ।

কিন্তু এজন নিৰ্দিষ্ট হিতাধিকাৰীৰ নামত পঞ্জীকৃত নম্বৰৰ চৰকাৰী গৃহ অবৈধ ভাবে বেলেগ এজনক দিয়াৰ পিছত আকৌ তিনিবছৰ মূৰত একেজন ব্যক্তিৰ নামত কিদৰে পুনৰ এটা নতুন ঘৰ আবন্টিত কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে । ভি চি ডি চিৰ সভাপতি আৰু একাংশ সদস্যই ধনৰ বিনিময়ত আৰু ব্যাপক অনিয়মৰ মাজেৰে প্ৰকৃত হিতাধিকাৰীসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে ।

কিদৰে ভি চি ডি চিৰ সভাপতি আৰু একাংশ ভি চি ডি চি সদস্য মিলি অইন লোকৰ বেংক একাউন্টত টকা সোমাই দি গৃহ নিৰ্মাণ কৰি আছে সেই বিষয়টোক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰীসকলে । ইয়াকে লৈ ৰৌমাৰী ভি চি ডি চিৰ অন্তৰ্গত গাঁও কেইখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰৌমাৰী ভি চি ডি চিৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত কৰা দুৰ্নীতিৰ আশ্ৰয় লোৱা ৰৌমাৰী ভি চি ডি চিৰ সভাপতি মুনিন্দ্ৰ বসুমতাৰী পলাশগুৰি-থাইজোগুৰীৰ ভি চি ডি চি সদস্য বেৰ্গো ব্ৰহ্ম, ২নং দাউখানগৰৰ সদস্য তাহেৰ আলী আৰু ২নং দাউখানগৰৰ উত্তৰখণ্ডৰ সদস্য তয়েজ আলীৰ বিৰুদ্ধে বঞ্চিত হিতাধিকাৰীসকলে বুধবাৰ ঢালিগাঁও থানাত এক গোচৰ ৰুজু কৰিছে ।

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই দুৰ্নীতিৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰেনে নাই সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in