বুৰগাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ অনুমোদনৰ নামত ব্যাপক দুৰ্নীতি

এই সন্দৰ্ভত মৰিগাঁও জিলাৰ আয়ুক্ত আৰু মায়ং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে যদিও আজিলৈ কোনো সুফল পোৱা নাই ।

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ মায়ং : মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত পকৰিয়া মৌজাৰ বুৰগাঁও পঞ্চায়তত এজন লোকে আনৰ তৌজি মাটি মায়ং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জালিয়াতিৰ আশ্ৰয় লৈ আবন্টন কৰাই নীতি- নিয়ম উলংঘা কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ নিৰ্মাণ কৰি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । প্ৰাপ্ত অভিযোগ মতে জাগীৰোড সমষ্টিৰ অন্তৰ্গত বুৰগাঁও পঞ্চায়তৰ এক নং বুৰগাঁৱৰ বাসিন্দা খুচি মোহন বিশ্বাস নামৰ দৰিদ্ৰ লোক জনে অতীজৰে পৰা  ভোগ দখল কৰি থকা ১৪৮ নং দাগৰ ১ কঠা ৫ লেচা তৌজি মাটি একেটা সীমাৰ বাসিন্দা অধিৰ চন্দ্ৰ বিশ্বাস নামৰ ধনী লোক জনে চল চাতুৰিৰে নিজৰ নামত আবন্টন কৰাই লৈ বৰ্তমান এটা চৰকাৰী অনুদানৰ গৃহ নিৰ্মাণ কৰি আছে।

Advertisment

জাগীৰোডৰ ন খলা গাঁৱত আৰ চি চি গৃহ, চাৰিচকীয়া বাহন আৰু বুৰগাঁও চাৰিআলিত এখন ফাৰ্মাচীৰ স্বতাধিকাৰ অধিৰ চন্দ্ৰ বিশ্বাসে কি যাদুৰ বলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ নামত আবন্টন হোৱা গৃহ লাভ কৰিলে আৰু আনৰ মাটি নিজৰ নামত  আবন্টন কৰিবলৈ সক্ষম হ'ল সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে । জানিব  পৰা মতে পেটৰ তাড়নাত দুবছৰ মান আগতে খুচি মোহন বিশ্বাসে ঘৰ এৰি অন্য ঠাইত গৈ কাম কৰি থকাৰ সময়তেই অধিৰ বিশ্বাসে এই ধৰনৰ জালিয়াতি কৰিবলৈ সক্ষম হ'ল বুলি অভিযোগ উত্থাপিত হৈছে ।

বৰ্তমান আবন্টন হোৱা মাটিখিনিৰ দাগ নম্বৰ ৪২৫ আৰু পট্ৰা নম্বৰ ১৪৪ । খুচি মোহন বিশ্বাসে নিজৰ মাটিখিনিত অধিৰ বিশ্বাসে অনুদানৰ ঘৰ নিৰ্মাণ কৰি থকা দেখি হতভম্ব হৈ পৰে ।

এই সন্দৰ্ভত মৰিগাঁও জিলাৰ আয়ুক্ত আৰু মায়ং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে যদিও আজিলৈ কোনো সুফল পোৱা নাই । একেটা সময়তে গাঁও পঞ্চায়ত কৰ্তৃপক্ষই অধিৰ বিশ্বাসক নীতি নিয়ম উলংঘা কৰি প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ অনুমোদন দিয়া কাৰ্যয়ো চকু কপালত তুলিছে। ইফালে উপায়ন্তৰ হৈ আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছে খুচি মোহন বিশ্বাস।

MAYANG