/asomiyapratidin/media/media_files/2025/05/01/MsgxfGe8qIJkkLK8ztCh.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত ঢকুৱাখনাত আবকাৰী আৰু আৰক্ষীৰ যৌথ অভিযানকালত বুধবাৰে উচ্ছেদ কৰা হৈছে বৃহৎ চুলাই ভাটি । ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদৰ্শক পৰাগ চেতিয়া , ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্রিয়দীপ গগৈৰ নেতৃত্বত চলোৱা অভিযান কালত উচ্ছেদ কৰা হৈছে এই অবৈধ নিষিদ্ধ সুৰাৰ ভাটিসমূহ ।
আবকাৰী -আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযান কালত ঢকুৱাখনা চক্ৰৰ অন্তৰ্গত পাতৃচুক, বকুলগুৰি, মধুপুৰ, আজাৰগুৰি, বাটমাৰী, ঘিলামৰা, ঢকুৱাখনা টাউন তিনিআলি, বেবেজীয়া আদি অঞ্চলত চলোৱা হৈছিল এই যৌথ অভিযান। অঞ্চলসমূহৰ ঘন জংঘল, ঘৰৰ ভিতৰৰ লগতে নিৰ্জন স্থানত বৃহৎ ঘৰ সাজি প্ৰস্তুত কৰা বৃহৎ পৰিমাণৰ চুলাই প্ৰস্তুত কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
দলটোৱে অভিযান কালত প্ৰায় ১৭০০ লিটাৰ চুলাই প্ৰস্তুতত ব্যৱহৃত পাজ ,৩৫ লিটাৰ চুলাই উদ্ধাৰ কৰি থলিতে বিনষ্ট কৰে। ইয়াৰোপৰি এই নিষিদ্ধ বেহাত ব্যৱহৃত বৃহৎ সংখ্যক বাচন ,সঁজুলি ভাঙি কাটি বিনষ্ট কৰে দলটোৱে। আবকাৰী-আৰক্ষীৰ এনে নিষিদ্ধ বেহাৰ বিপৰীতে চলোৱা নিয়মীয়া অভিযানৰ পাছতো অব্যাহত থকা এনে চোৰাং বেহাই গ্রাম্যাঞ্চলীয় সামাজিক পৰিবেশ বিঘ্নিত কৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত স্থানীয় সচেতন ৰাইজ আৰু সামাজিক সংগঠনৰ সদা সক্ৰিয়তা ৰাইজৰ কাম্য।