/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9bc96df9-c828-4afb-a580-e8093a9a22f6/gana1.jpg)
Bharatiya gana natya sangha
ডিজিটেল ডেস্কঃ ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত জীৱন শিল্পী জ্যোতিপ্ৰসাদৰ কালজয়ী নাটক 'লভিতা'ক নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই বিকৃত কৰা আৰু প্ৰস্তুতি পৰাশৰে আবাহন থিয়েটাৰত মঞ্চস্থ কৰাৰ বিৰুদ্ধে ভাৰতীয় গণ নাট্য সংঘ,অসম ৰাজ্যিক সমিতিয়ে শুকুৰবাৰৰ পৰা আৰম্ভ কৰিছে গণ স্বাক্ষৰ অভিযান।
উল্লেখ্য যে, শুকুৰবাৰে বেদনাদায়ক ভাৱে নৰিয়া দেহাৰে শিল্পী সুদক্ষিণা শৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়ৰী জ্ঞানশ্ৰী আগৰৱালা পাঠক আৰু বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোঁহাইয়ে শুভাৰম্ভ কৰে ভাৰতীয় গণনাট্য সংঘৰ গণ স্বাক্ষৰ অভিযান।
আজিৰে পৰা অসমৰ প্ৰান্তে প্ৰান্তে সকলো ৰাইজক স্বাক্ষৰ সংগ্ৰহ অভিযানৰ মাজেদি ৰাইজক সজাগ সচেতন অভিযানত নামি পৰিবলৈ ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e4144c43-7e4c-4b82-b08a-7ecdc36eef80/gana.jpg)
সংঘই উল্লেখ কৰে যে, নিজ নিজ জিলাত গঢ়ি তোলা সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি দিব লগা স্মাৰক পত্ৰৰ লগত উক্ত স্বাক্ষৰ গাঠি দিব আৰু ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সমিতিলৈ এটা প্ৰতিলিপি প্ৰেৰণ কৰিব।
সেয়ে গণনাট্য সংঘই যোগাযোগ নম্বৰ ৭০৮৬৩৬৪৫২১ ,সোনেশ্বৰ নৰহ ,ৱাৰ্ড নং ১, বোকাখাত, জিলা গোলাঘাট,অসমত অহা ২২ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিবলৈ এক বিজ্ঞপ্তিযোগে অনুৰোধ জনায়। গণনাট্য সংঘই জিলা সমূহৰ কাৰ্যসূচীৰ অন্তত গুৱাহাটীত নাগৰিক সভা, সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচীৰ কথাও সদৰি কৰে।