নিউয়ৰ্কত পুনৰ মুকলি গুলীচালনাঃ আৰক্ষী বিষয়াসহ ৬ জন লোক নিহত হোৱাৰ খবৰ...

নিউয়ৰ্কত পুনৰ সংঘটিত হৈছে এক নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত অতি কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু কেইজন আহত হোৱা বুলিও জানিব পৰা গৈছে। 

author-image
Tushar Pratim
New Update
নিউয়ৰ্কত পুনৰ মুকলি গুলীচালনাঃ আৰক্ষী বিষয়াসহ ৬ জন লোক নিহত হোৱাৰ খবৰ...

ডিজিটে ডেস্কঃ নিউয়ৰ্কত পুনৰ সংঘটিত হৈছে এক নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত অতি কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু কেইজন আহত হোৱা বুলিও জানিব পৰা গৈছে। 

Advertisment

ভাৰতীয় সময় অনুসৰি মঙলবাৰে পুৱা নিউয়ৰ্ক চহৰৰ চেণ্ট্ৰেল মানহাটানত সংঘটিত হৈছে এই ঘটনা। এই গুলীচলনাৰ ঘটনাত নিহত হোৱা লোক কেইজনৰ ভিতৰত আছে এজন আৰক্ষী বিভাগৰো বিষয়া। 

আমেৰিকাৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ইতিমধ্যে আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে। তেওঁৰ নাম শ্বেন তামুৰা। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ কিছু সময়ৰ পিছতে লাছ ভেগাছৰ বাসিন্দা ২৭ বছৰীয়া শ্বেন তামুৰাই আত্মহত্যা  কৰিছে। 

তদন্তকাৰীৰ মতে যুৱকজনে যি অস্ত্ৰৰে এই গুলীচালনা কৰিছিল সেই অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছিল যদিও ইতিমধ্যে তাৰ ম্যাদ অন্ত পৰিছে। নিউয়ৰ্কৰ পোষ্টৰ খবৰ মতে  আমেৰিকাৰ স্থানীয় সময় সোমবাৰে সন্ধিয়া ৬:৪০ বজাত গ্ৰেণ্ড চেণ্ট্ৰেল ষ্টেচন আৰু ৰকফেলাৰ চেণ্টাৰৰ পৰা মাত্ৰ কেইটামান ব্লক দূৰৈৰ মিডটাউন মানহাটানৰ জনসমাগম অঞ্চলত বুলেট প্ৰুফ জেকেট পৰিধান কৰি হাতত বন্দুক লৈ শ্বানে প্ৰৱেশ কৰিছিল। 

আৰক্ষীয়ে জনোৱা মতে শ্বানে ব্যৱহাৰ কৰা বন্দুকটো আছিল এ আৰ ষ্টাইলৰ ৰাইফল। যুৱকজনে প্ৰথমে বিল্ডিঙৰ তলৰ লবীত এন ৱাই পি ডিৰ এজন বিষয়াক দেখি নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ পোনে পোনে ৩৩ নং মহলালৈ উঠি যায়। তাতে তেওঁ এটা অফিচত প্ৰৱেশ কৰে আৰু কেইবাটাও গুলীচালনা কৰে।

এই ঘটনাত আৰক্ষী জোৱানজনৰ উপৰিও তিনিজন লোকৰ মৃত্যু হয়। মৃত আৰক্ষী জোৱানজনৰ নাম দিদাৰুল ইছলাম (৩৬)। বাংলাদেশৰ পৰা অহা দিদাৰুল বিগত ছাৰে তিনি বছৰে নিউয়ৰ্ক আৰক্ষী বিভাগত কৰ্মৰত আছিল। 

নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। ঘটনাৰ পিছতে আৰক্ষীও সক্ৰিয় হৈ পৰিছে। পাৰ্ক এভিনিউ আৰু ইষ্ট ৫১ নং ষ্ট্ৰীটৰ আশে-পাশে থকা অঞ্চলটো ঘেৰি ৰখা হৈছে। 

ফক্স নিউজৰ বাতৰি অনুসৰি এই ঘটনাত আৰক্ষী জোৱানজনকে ধৰি কমেও ছজন লোকক গুলীয়াই হত্যা কৰা হৈছে। আহতসকলৰ মাজত কেইবাজনৰো অৱস্থা অতি সংকটজনক। তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে চলিত বছৰত আমেৰিকাত এয়া ২৫৪ নম্বৰৰ ৰাজহুৱা স্থানত গুলীচালনাৰ ঘটনা। নিউয়ৰ্কৰ ৩৪৫ পাৰ্ক এভিনিউত থকা এই উচ্চ অট্টালিকাটোত ব্লেকষ্টোন, কেপিএমজি আৰু ডয়চে বেংককে ধৰি কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ কাৰ্যালয় আছে। 

আমেৰিকা গুলীচালনা