/asomiyapratidin/media/media_files/2025/06/21/ajycp-2025-06-21-17-40-11.jpg)
ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি পৌৰসভা কাৰ্যালয়ত সংঘটিত ব্যাপক দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ পাচঁ শতাধিক কৰ্মীয়ে হাতে- হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ ধেমাজি তিনি আলিত থকা পৰিষদৰ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা ধেমাজি নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদ কৰি গৈ প্ৰায় ডেৰ ঘন্টা সময় ধৰি ধেমাজি পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি বিক্ষোভ প্রদর্শন কৰে ৷
প্ৰতিবাদকাৰী সকলে 'ধেমাজি নগৰত থকা অবৈধ পার্কিঙ বাতিল কৰা', '১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা নিৰ্মীয়মান নলা নর্দমা আচঁনি সমূহ বিজ্ঞান সন্মতভাবে নিৰ্মাণ কৰা','বৰ্তমানে অনিয়মভাৱে নিৰ্মাণ হৈ থকা কামকাজ সমূহ শীঘ্ৰেই বন্ধ কৰা', 'বিজেপি চৰকাৰ হায় হায়' আদি ধ্বনিৰে ধেমাজিৰ আকাশ বতাহ গৰম কৰি তোলে ৷ প্ৰতিবাদৰ অন্তত ধেমাজি পৌৰসভাই পার্কিঙৰ আন্তঃগাঁঠনি নির্মাণ নকৰাকৈ নীতি বর্হিভূতভাবে লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা পথৰ ওপৰত অবৈধ পার্কিঙৰ দ্বাৰা সংগ্ৰহ কৰা অবৈধ কৰ বাতিল কৰি জনসাধাৰণক হাৰাশাস্তি বন্ধ কৰা, মুখ্যমন্ত্রী আঁচনিৰ অধীনত ধেমাজিত নির্মাণ হৈ থকা গৌৰৱ পথৰ নিৰ্মাণৰ দুর্নীতি উচ্চ পর্যায়ৰ তদন্ত কৰি দোষীক শীৰ্ঘে কৰায়ত্ব কৰা, প্রাক্কলনৰ বিপৰীতে চূড়ান্ত মইমতালিৰে বিভাগীয় কর্তৃপক্ষ আৰু ঠিকাদাৰগোষ্ঠীয়ে মিতিৰালিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত নির্মাণৰত অৱস্থাত থকা নলা নর্দমা সমূহ অতি নিম্ন মানদণ্ডেৰে নির্মাণ কৰাৰ ক্ষেত্রত উচ্চ পয্যায়ৰ তদন্ত কৰি প্রাককলন অনুযায়ী নতুনকৈ নির্মাণ কৰা আদি দাবী উত্থাপন কৰে।
লগতে ধেমাজি পৌৰ সভাই আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত দহোটা বাৰ্ডৰ বিপৰীতে কেৱল পূৰ্বৰ চাৰিটা ৱাৰ্ডতে উন্নয়নৰ কাম-কাজত অধিক গুৰুত্ব দি বাকী ছটা বার্ডবাসীক অৱহেলা আৰু বঞ্চিত কৰনৰ বাতিল কৰা, দহোটা বার্ডৰ গৃহ, জাবৰ নিষ্কাষণ, সম্পত্তি আদি কৰ সংগ্ৰহ কৰাৰ বিপৰীতে নগৰবাসীয়ে যিখিনি সা-সুবিধা পাব লাগে সেই সা-সুবিধাৰ পৰা সাধাৰণ ৰাইজ বঞ্চিত কৰণ বাতিল কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। পৌৰ সভাই নির্মাণ কৰা নলা-নর্দমাৰ পানী নিষ্কাষণ কোনো পৰিকল্পিত ব্যৱস্থা নোহোৱাত চৰকাৰী আচঁনিৰ কোটি কোটি টকা অপচয় ঘটিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।
এই ক্ষেত্রত উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰা দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক ৰঞ্জন বৰা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ ৰাজহ চক্ৰৰ বিষয়া তথা দণ্ডাধীশৰ জৰিয়তে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে ৷ শনিবাৰে অনুষ্ঠিত হোৱা প্ৰতিবাদৰ কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ -সভাপতি দেৱজিৎ দাস, প্ৰাক্তন যুটীয়া সম্পাদক বিষ্ণু শৰ্মাকে ধৰি জিলা আৰু আঞ্চলিকৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷