পোতনী সোনাৰী গাঁও পূব নামঘৰত সমূহীয়া বিবাহ সম্পন্ন

বিবাহ অনুষ্ঠানটিত বিধি পাঠ কৰে নামাচাৰ্য সোমেশ্বৰ হাজৰিকাই। দীৰ্ঘ সময় সংসাৰ কৰা এই দম্পতী সকলে আৰ্থিক অসুবিধাতে হওঁক অথবা অন্য কাৰণতে হওঁক,বিবাহ কাৰ্যত ধৰ্মীয় নিয়মেৰে বহিব পৰা নাছিল। 

author-image
Asomiya Pratidin
New Update
ghhghg

ডিজিটেল সংবাদ,উৰিয়াগাঁও:  নগাঁও জিলাৰ পোতনী সোনাৰী গাঁও পূব নামঘৰত আজি অনুষ্ঠিত হয় এক সমূহীয়া বিবাহ অনুষ্ঠান। পোতনী সোনাৰী গাঁও পূব নামঘৰৰ হৰিদাস প্ৰাথমিকৰ সমূহ বাপ,আই-মাতৃ আৰু যুৱক- যুৱতী সকলৰ সহযোগত অনুষ্ঠিত হোৱা এই সমূহীয়া বিবাহ অনুষ্ঠানত ১২ দম্পতীয়ে 
শ্ৰীমন্ত শংকৰ সংঘৰ বিবাহ বিধি অনুসৰি বিবাহ কাৰ্য সম্পূৰ্ণ কৰে।

Advertisment

বিবাহ অনুষ্ঠানটিত বিধি পাঠ কৰে নামাচাৰ্য সোমেশ্বৰ হাজৰিকাই। দীৰ্ঘ সময় সংসাৰ কৰা এই দম্পতী সকলে আৰ্থিক অসুবিধাতে হওঁক অথবা অন্য কাৰণতে হওঁক,বিবাহ কাৰ্যত ধৰ্মীয় নিয়মেৰে বহিব পৰা নাছিল। 

এইক্ষেত্ৰত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি অনিল হাজৰিকা আৰু সম্পাদক  ফুলধৰ হাজৰিকাই বিশেষ উদ্যোগ গ্ৰহণ কৰি স্থানীয় ৰাইজৰ সহযোগত এইসকল দম্পতীক একগোট কৰি সমূহীয়া ভাৱে এনেদৰে বিবাহ সম্পূৰ্ণ কৰাত উৎফুল্লিত হৈ পৰিছে দম্পতী সকল।

উক্ত বিবাহ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা নামঘৰত বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া বকুল হাজৰিকাই।ইয়াৰ পিছতে আইসকলকৰ দ্বাৰা পানী তোলা,দৰা-কইনাক সমূহীয়া গা  ধোৱা,দুপৰীয়া নাম প্ৰসংগ কৰা হয়।

এই বিবাহ অনুষ্ঠানত সমাজকৰ্মী থানেশ্বৰ হাজৰিকা,হেম চন্দ্ৰ হাজৰিকা, দেৱ দত্ত হাজৰিকা, উত্তম হাজৰিকা,ধীৰেন হাজৰিকা,অতুল হাজৰিকা,মনি হাজৰিকা,ৰাজেন হাজৰিকা,পংকজ হাজৰিকাকে ধৰি স্থানীয় আই-মাতৃ আৰু যুৱক- যুৱতী সকল উপস্থিত আছিল।বিবাহ অনুষ্ঠানত পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।

উৰিয়াগাওঁ