/asomiyapratidin/media/media_files/2025/09/16/whatsapp-image-2-2025-09-16-17-12-30.jpeg)
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ পেহেলগামৰ প্ৰতিশোধমূলক আক্ৰমণত মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল নিহত হোৱা বুলি স্বীকাৰ কৰিছে জৈশ-ই-মহম্মদৰ কমাণ্ডাৰ মাছুদ ইলিয়াছ কাশ্মীৰীয়ে।
জৈশৰ অধিনায়ক মাছুদ ইলিয়াছ কাশ্মীৰীয়ে এক কাৰ্যসূচীত স্বীকাৰ কৰিছে যে যোৱা ৭ মে’ত ভাৰতীয় বায়ুসেনাই বাহাৱালপুৰত সংঘটিত কৰা আক্ৰমণত জৈশৰ প্ৰধান মাছুদ আজহাৰৰ পৰিয়ালক লক্ষ্য কৰি লৈছিল। বায়ুসেনাৰ আক্ৰমণত মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন লোক নিহত হৈছিল।
এই অভিযানৰ সময়তে মাছুদৰ পৰিয়ালৰ বহু সদস্যৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছিল। এতিয়া ইলিয়াছ কাশ্মীৰীৰ স্বীকাৰোক্তিয়ে ভাৰতৰ এই দাবীক নিশ্চিত কৰিছে।
প্ৰতিবেদন অনুসৰি ভাৰতীয় সেনাই পাকিস্তানৰ বাহাৱালপুৰত থকা সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ চলাইছিল। এই আক্ৰমণত মাছুদৰ সমগ্ৰ পৰিয়ালটো নিঃশেষ হৈ গ’ল।
মাছুদ ইলিয়াছৰ এটা ভিডিঅ’ত তেওঁ স্বীকাৰ কৰে যে অপাৰেচন সিন্দুৰৰ সময়ত বাহাৱালপুৰৰ মাৰ্কাজ চুভান আল্লাহ কমপ্লেক্স জইছৰ মুখ্য কাৰ্যালয় আছিল। য'ত ভাৰতীয় সেনাই আক্ৰমণ কৰিছিল।
ঘটনাত নিহতসকলৰ ভিতৰত আছে জৈশ-ই-মহম্মদৰ মুৰব্বীৰ জ্যেষ্ঠ ভগ্নী আৰু তেওঁৰ স্বামী, এগৰাকী ভতিজাক আৰু তেওঁৰ পত্নী, আন এগৰাকী ভতিজাক আৰু তেওঁৰ সমগ্ৰ পৰিয়ালৰ পাঁচ সন্তান।
পাকিস্তানী সংবাদ মাধ্যমে প্ৰথমে ১৪ জন লোকৰ মৃত্যুৰ খবৰ দিছিল যদিও আজহাৰে নিজেই নিশ্চিত কৰিছিল যে তেওঁৰ সমগ্ৰ পৰিয়ালটো নিঃশেষ হৈ গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us